মহানগৰীত ছাগলী মাংস বিক্ৰী বন্ধৰ এসপ্তাহ : পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাওৰ হুংকাৰ ব্যৱসায়ী সন্থাৰ

মহানগৰীত ছাগলী মাংস বিক্ৰী বন্ধৰ এসপ্তাহ : পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাওৰ হুংকাৰ ব্যৱসায়ী সন্থাৰ

গুৱাহাটী কোৰেশ্বি মীট এছোচিয়েচনে যোৱা ২১ অক্টোবৰৰ পৰা গুৱাহাটী পৌৰ নিগম আৰু এন ই চি ফুড প্ৰচেছিং প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ভেজাল ছাগলী মাংস যোগান ধৰা, সময়মতে ছাগলী মাংস বিক্ৰীৰ বাবে যোগান নধৰা, এটা ছাগলী কাটি দিয়াৰ বাবদ ১২৫ টকাকৈ মাচুল সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগত অনিৰ্দিষ্টকাললৈ ছাগলী মাংস বিক্ৰী বন্ধ কাৰ্যসূচীয়ে আজি এসপ্তাহ অতিক্ৰম কৰিলে ।

কিন্তু এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱা অভিযোগ তুলি কোৰেশ্বি মীট এছোচিয়েচনে আজি এক সংবাদমেল আয়োজন কৰে ।

সংবাদমেল আয়োজন কৰি সন্থাটোৰ দাবী, গুৱাহাটী পৌৰ নিগমে মাংস দোকানীসকলৰ সমস্যা সমাধান কৰি মহানগৰবাসীক ছাগলী মাংস যোগান ধৰাৰ বাবে যি ব্যৱস্থা কৰিব লাগিছিল তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই ।

তাৰ ফলত মহানগৰীত এতিয়া অস্বাস্থ্যকৰ পৰিবেশত কটা অবৈধ ছাগলী মাংসৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে । এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে অৰিহণা যোগাইছে বুলি গুৰুতৰ অভিযোগ তোলে সন্থাটোৱে ।

তেওঁলোকৰ দাবী, পৌৰ নিগমে এই অবৈধ ছাগলী মাংসৰ দোকানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ কিন্তু তাকে নকৰি যোৱা ৯ অক্টোবৰৰ দিনা অনুজ্ঞা-পত্ৰ থকা নুনমাটিৰ দুখন ছাগলী মাংসৰ দোকান এন ই চি ফুড প্ৰচেছিং প্ৰাইভেট লিমিটেডৰ পৰা কমকৈ মাংস ক্ৰয় কৰাৰ অপৰাধত ছীল কৰি দিয়ে ।

বৰ্তমান গুৱাহাটী মহানগৰীত ১৫৬খন অনুজ্ঞা-পত্ৰ থকা ছাগলী মাংসৰ দোকান আছে ৷ কিন্তু তাৰ বিপৰীতে অনুজ্ঞা-পত্ৰবিহীন দোকান ১০০খনৰো অধিক থকা বুলি জানিবলৈ দিয়ে সন্থাটোৱে ।

ইয়াৰ উপৰি সন্থাটোৱে কয় যে চৰকাৰীভাৱে গুৱাহাটী মহানগৰীত স্থাপন হ'ব লাগে অতি কমেও তিনিখনকৈ কচাইখানা । ছয়মাইল, উলুবাৰী আৰু জালুকবাৰীত ব্যৱসায়ীসকলৰ সুবিধার্থে স্থাপন হ'ব লাগে এই কচাইখানা ।

লগতে এই কচাইখানাসমূহত চৰকাৰীভাৱে নিয়োগ কৰা চিকিৎসক থাকিব লাগে আৰু ব্যৱসায়ীসকলে নিজেই নিজৰ ছাগলী কাটি আনিব পৰা ব্যৱস্থা থাকিব লাগে বুলিও দাবী জনায় ।

ইয়াৰ উপৰি যোৱা ৯ অক্টোবৰত নুনমাটিত পৌৰ নিগমে বেআইনীভাৱে দুখনকৈ যি ছাগলী মাংসৰ দোকান ছীল কৰিছে, সেই দুখন অতি সোনকালে খুলি দিব লাগে বুলিও দাবী জনায় ।

সন্থাটোৱে লগতে কয় যে এটা ছাগলী কাটি দিয়াৰ বাবদ এন ই চি ফুড প্ৰচেছিং প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে যি ১২৫ টকাকৈ মাচুল লৈ আহিছে সেই মাচুলৰ পৰিমাণ কলকাতা আৰু তেজপুৰৰ দৰে ৪০-৫০ টকা হ'ব লাগে ।

আনহাতে, তেওঁলোকৰ এই দাবী পূৰণৰ বাবে যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ৩০ নতুবা ৩১ তাৰিখৰ দিনা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰিব বুলিও হুংকাৰ দিয়ে ৷ এতিয়া গুৱাহাটী পৌৰ নিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

Your Comments