নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত বঙালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিষয়ৰ বিৰোধিতা কৰি আজি গুৱাহাটী লক্ষ্মীৰাম বৰুৱা সদনত জাতীয়তাবাদী পুনৰ নিৰ্মাণ সমিতিৰ উদ্যোগত অসম ভিত্তিত এখন নাগৰিক সভা আয়োজন কৰা হয় ।
উক্ত নাগৰিক সভাত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোঁহাই, প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা, বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন, ৰাজকুমাৰ বৈশ্য প্ৰমুখ্যে কেইবাটাও জাতীয়তাবাদী সংগঠনৰ নেতৃবৰ্গ ।
অনুষ্ঠানত উপস্থিত থাকি সকলোৱে একেমুখে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত ৰূপায়িত হ'বলৈ দিব নোৱাৰি বুলি উল্লেখ কৰে । সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'লে কিদৰে খিলঞ্জীয়াসকল ভগনীয়া হ'ব তাক তথ্যসহকাৰে ব্যাখ্যা কৰে অদীপ কুমাৰ ফুকনে ।
ইয়াৰ উপৰি এই নাগৰিক সভাখনত উপস্থিত থাকি হীৰেন গোঁহায়ে কয় যে চৰকাৰখনে স্বৈৰতান্ত্ৰিকভাৱে অসমৰ জনসাধাৰণে বিৰোধিতা কৰি অহাৰ পাছতো জোৰকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন কাৰ্যকৰী কৰিবলৈ ওলাইছে ।
অসমৰ জনসাধাৰণে ইয়াক কেতিয়াও মানি নলয় আৰু এই স্বৈৰতান্ত্ৰিক ব্যৱস্থা প্ৰতিহত কৰিবলৈ সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগিব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে খিলঞ্জীয়াৰ শত্ৰু বঙালীসকল নহয়, খিলঞ্জীয়াৰ শত্ৰু হৈছে বিজেপি চৰকাৰখন ।
কাৰণ চৰকাৰখনে সুবিধা দিয়াৰ বাবেহে কিছুসংখ্যক বঙালীয়ে এই বিধেয়কৰ প্ৰতি সমৰ্থন জনাইছে বুলিও তেওঁ মত প্ৰকাশ কৰে । সভাত অংশগ্ৰহণ চৰকাৰী ব্যৱস্থাই অসমীয়া আৰু বঙালীৰ মাজত ৰাজনীতি কৰি গোষ্ঠীগত সংঘৰ্ষত লিপ্ত কৰাবলৈ বিচৰা বুলিও ডঃ গোঁহায়ে নিজৰ ভাষ্যত উল্লেখ কৰে ।
তাৰবাবে জনসাধৰণক এই দিশত সজাগ হ'বলৈও আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে । এই নাগৰিক সভাতে গোঁহায়ে অগপ নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰে । অগপ দলৰ নেতৃত্বই চৰকাৰৰ সংগ ত্যাগ নকৰি চৰকাৰৰ লগত থাকি যুঁজি যাম বুলি কোৱা মন্তব্যক অদ্ভূত যুক্তি বুলি তেওঁ উল্লেখ কৰে ।
তাৰ উপৰি বিধেয়কখন আইনত পৰিণত হ'লে চৰকাৰৰ সংগ ত্যাগ কৰিম বুলি কোৱা মন্তব্যক অগপৰ হয় মুৰ্খামি নহয় বদমাচি বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, অগপৰ এই কাৰ্যত দলটোৰ তৃণমূল কর্মীসকল মুঠেই সন্তুষ্ট নহয় বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
আনহাতে, এই সভাতে আলফা নেতা মৃণাল হাজৰিকাই কয় যে পশ্চিমবঙ্গৰ নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থতে বিজেপি চৰকাৰখনে এই জাতিবিৰোধী বিধেয়কখন কাৰ্যকৰী কৰিবলৈ ওলাইছে ৷
তেওঁ ৰাজপথত টায়াৰ জ্বলাই অসম বন্ধ দি প্ৰতিবাদ কৰি থাকিলেই নহ'ব, খিলঞ্জীয়াসকলে প্ৰকৃত জাতীয়তাবাদ গঢ়ি তুলিব পাৰিব লাগিব ৷ তেতিয়াহে নাগৰিকত্ব সংশোধনী বিধেয়কখনক বাধা দিব পৰা যাব বুলিও উল্লেখ কৰে ।
এই প্ৰসংগতে আলফা নেতাজনে কয় যে খিলঞ্জীয়া অসমীয়াই আজি পৰ্যন্ত গঢ়ি তুলিব পৰা নাই প্ৰকৃত জাতীয়তাবাদ । তাৰ ফলতে খিলঞ্জীয়া আন্দোলনবিলাক সফল হোৱা নাই বুলিও উল্লেখ কৰে ।
এই নাগৰিক সভাতেই আলফা নেতাগৰাকীয়ে অসমৰ প্ৰতিটো জাতীয় সংগঠনক এখন মঞ্চত লগ হ'ব লাগিব বুলিও উল্লেখ কৰে । তেতিয়াহে এই বিধেয়কখনক প্ৰতিহত কৰিব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে ।
ইয়াৰ বাবে অসম সাহিত্য সভাক নেতৃত্ব ল'বলৈ আহ্বান জনায় আলফা নেতাগৰাকীয়ে । তেওঁ লগতে বিধেয়কখন বাতিল কৰাৰ বাবে দুটা পন্থা হাতত ল'ব লাগিব বুলি উল্লেখ কৰে ৷
ইয়াৰ বাবে আমি সকলো লগ হৈ অনিৰ্দিষ্টকালৰ বাবে ৰাজধানী বন্ধ কৰিব লাগিব নতুবা গণতান্ত্ৰিক আন্দোলনক সন্মান কৰিব নজনা চৰকাৰক অগণতান্ত্ৰিক পন্থা অৱলম্বন কৰি দমন কৰাৰ বাবে ব্যৱস্থা ল'ব লাগিব বুলিও উপস্থিত ৰাইজক উদ্দেশ্যি কয় ।
নামঘৰ-মন্দিৰত গৈ চাকি জ্বলাই পূজা কৰি থাকিলে জাতি কেতিয়াও ৰক্ষা নপৰে । প্ৰয়োজনত হাতত অস্ত্ৰ তুলি ল'ব লাগিব বুলিও অতি কঠোৰ বাক্যবাণ নিক্ষে পকৰে মৃণাল হাজৰিকাই ৷
আনহাতে, দুদিন পূৰ্বে বৰাকৰ এটা বঙালী সংগঠনে আলফা নেতাগৰাকীক ভৰি তলৰ মাটি হেৰোৱা ব্যক্তি বুলি কোৱা মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা নেতাগৰাকীয়ে বৰাকলৈ গৈ এইসমূহ সংগঠনক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও প্ৰকাশ কৰে ।
- Log in to post comments
- 21 views