সোণোৱাল চৰকাৰৰ নিবনুৱাবিৰোধী সিদ্ধান্ত : বন্ধ হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি

সোণোৱাল চৰকাৰৰ নিবনুৱাবিৰোধী সিদ্ধান্ত : বন্ধ হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি

নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰ আন এক বঞ্চনাৰ অভিসন্ধি পোহৰলৈ আহিছে । ৰাজ্যৰ বিভিন্ন বিভাগৰ পৰা নিবনুৱাক বঞ্চিত কৰি বন্ধ হ'ব চতুৰ্থ বৰ্গৰ চৰকাৰী নিযুক্তি ।

ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰৰ বিভিন্ন বিভাগলৈ এই সম্পৰ্কত নির্দেশনা জাৰি কৰিছে । উল্লেখ্য যে চৰকাৰী নিযুক্তি বন্ধ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হৈছে ।

সেই হিচাপে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ঠিকাভিত্তিক নিযুক্তি দিয়া হ'ব । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বিভাগত এই সম্পৰ্কত আৰম্ভ হৈছে প্ৰক্ৰিয়া । উল্লেখ্য যে এই ব্যৱস্থাই ৰাজ্যৰ নিবনুৱাসকলক চৰকাৰী চাকৰি লাভৰ পৰা বঞ্চিত কৰি তুলিব ।

ইতিমধ্যে এই বিষয় পোহৰলৈ অহাত নিবনুৱাসকল চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

Your Comments