ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ মৃত ছুটকো শ্বেইখৰ পুত্ৰ ৫৮ বছৰীয়া জুব্বাৰ আলীক আইনৰ অজুহাত দেখুৱাই বিদেশী (তথাকথিত বাংলাদেশী) বুলি অসম চৰকাৰে ডিটেনচন কেম্পত বিগত তিনি বছৰ বন্দী কৰি ৰাখিছিল ।
দুটি সন্তানৰ পিতৃ জুব্বাৰ আলীৰ ৪ অক্টোবৰ, ২০১৮ ইং তাৰিখে ডিটেনচন কেম্পত বন্দী অৱস্থাত মৃত্যু হয় । মৃত্যুৰ পিছত ৰাজ্য প্ৰশাসনে মৃত জুব্বাৰ আলীৰ মৃতদেহ ওদালগুৰি ধনশ্ৰীখুটিৰ পৰিয়ালক গতাই দায়িত্ব সামৰিব বিচাৰি আছে ।
যদি মৃত জুব্বাৰ আলী এই পৰিয়ালৰে সদস্য আছিল তেন্তে বিদেশী বুলি কিয় তিনি বছৰ ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছিল ? যদি প্ৰকৃততে বিদেশী (তথাকথিত বাংলাদেশী) আছিল তেন্তে এই পৰিয়ালক মৃতদেহ গতাই দিয়াৰ যুক্তি কি?
প্ৰণিধানযোগ্য যে এই পৰিয়ালটিৰ ১৯৫১ চনৰ এন আৰ চিকে আদি কৰি বহু নথি উপলব্ধ আছে । ৰাজ্য চৰকাৰৰ সীমান্ত আৰক্ষী তথা গৃহ বিভাগৰ দায়িত্বহীনতা তথা মইমতালিৰ বাবে মিছা বিদেশী গোচৰত অভিযুক্ত হৈ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে বিদেশী ন্যায়াধীকৰণ, উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি সৰ্বহাৰা হৈয়ো আইনী ব্যৱস্থা তথা ৰাজ্য চৰকাৰৰ কঠোৰতাৰ বাবে তথাকথিত বিদেশী হিচাপে আখ্যায়িত হ'বলগা হৈছিল ।
দুবছৰীয়া ঠিকাভিত্তিক ন্যায়াধীশে নিজৰ চাকৰি বচোৱাৰ স্বাৰ্থত জুব্বাৰৰ আলীৰ দৰে হাজাৰ হাজাৰ নিৰীহ লোকক অন্যায়ভাৱে বিদেশী বুলি ঘোষণা কৰিয়ে আছে । কেতিয়া ওৰ পৰিব এনে অমানৱীয় অত্যাচাৰ, আইনী বৈষম্য ?
প্ৰকৃত বিদেশীক চিনাক্ত কৰক, বহিষ্কাৰ কৰক, আমি সংখ্যালঘু সম্প্ৰদায়ৰ সৰ্বস্তৰৰ ৰাইজে সহযোগ কৰিম ৷ কিন্তু বিদেশীৰ নামত ভাৰতীয় সংখ্যালঘু, দুখীয়া আৰু নিৰক্ষৰক বিদেশী সজাই নিৰ্বিচাৰ অত্যাচাৰ কৰা বন্ধ কৰক ।
সংখ্যালঘু-সংখ্যাগুৰু সকলোৰে সংবিধান প্ৰদত্ত সম-অধিকাৰক মৰ্যাদা দিয়ক । আমি জুব্বাৰ আলীৰ মৃত্যু সম্পৰ্কে তলত উল্লেখ কৰা দাবীসমূহ ৰাজ্য চৰকাৰৰ সন্মুখত ৰাখিব বিচাৰোঁ-
১) জীৱিত অৱস্থাত যিজন লোক বিদেশী (তথাকথিত বাংলাদেশী), সেই একেজন ব্যক্তি মৃত্যুৰ পিছত কেনেকৈ, কি যুক্তিত অসমৰ ওদালগুৰি জিলাৰ ধনশ্ৰীখুটি গাঁৱৰ স্বদেশী পৰিয়ালৰ সদস্য হ'ল ?
২) যদি জুব্বাৰ আলী প্ৰকৃততে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছৰ অবৈধ বিদেশী আছিল, তেন্তে মৃতদেহ ওদালগুৰি জিলাৰ ধনশ্ৰীখুটিৰ সেই নিৰ্দিষ্ট পৰিয়ালক কিয় শেষকৃত্যৰ বাবে চমজাই দিয়া হ'ল ?
৩) যদি জুব্বাৰ আলী প্ৰকৃততে ওদালগুৰি জিলাৰ ধনশ্ৰীখুটি গাঁৱৰ সেই নিৰ্দিষ্ট পৰিয়ালৰে সদস্য আছিল, তেন্তে মিছাতে বিদেশী বুলি আখ্যায়িত কৰি কিয় তিনি বছৰ ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছিল ?
৪) কি পৰিস্থিতিত জুব্বাৰ আলীৰ ডিটেনচন কেম্পত মৃত্যু হ'ল ? উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰি সবিশেষ ৩০ দিনৰ ভিতৰত ৰাজহুৱা কৰক ।
৫) ইতিমধ্যে বিদেশী ন্যায়াধীকৰণ, উচ্চ ন্যায়ালয়ত আইনী যুঁজ কৰি কৰি সৰ্বহাৰা হোৱা দুৰ্ভগীয়া পৰিয়ালটিক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক ।
৬) বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াত থকা আসোঁৱাহসমূহ দূৰ কৰক । বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলক ভাৰতীয় ন্যায় ব্যৱস্থা মানি চলিবলৈ তথা আক্ৰোশমূলক নীতি পৰিহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰক ।
৭) সীমান্ত আৰক্ষীক নিয়ন্ত্ৰণ কৰক । নিৰক্ষৰ আৰু দৰিদ্ৰ লোকক টাৰ্গেট কৰা বন্ধ কৰক ।
ৰাজ্য চৰকাৰে এই সম্পৰ্কত নিজৰ স্থিতি অতিশীঘ্ৰে ৰাজহুৱাকৈ স্পষ্ট কৰক । প্ৰকৃততে অসম আৰু অসমীয়াক ভালপোৱা জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সচেতন সকলোকে বিশেষভাৱে জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বৰ লগতে সাংবাদিকসকলক এনে নিৰ্বিচাৰ অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে বিশেষ ভুমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ ।
আজিজুৰ ৰহমান
উপদেষ্টা, আমছু
০৫.১০.২০১৮
- Log in to post comments
- 11 views