সমন্বয় ক্ষেত্ৰৰ পৰা জমিৰউদ্দিন তালুকদাৰ
সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন নীলবাগান অধিৱেশনৰ তৃতীয় দিনাও কবিতানুৰাগীৰ লগতে জনতাৰ সমাগমত এক উথপথপ পৰিৱেশৰ সৃষ্টি হয় ৷ কবি সন্মিলনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ সন্তুোষজনক বুলি বিপণীসমূহে সদৰী কৰে ৷
গুৱাহাটীৰ পৰা অহা প্ৰতিষ্ঠিত গ্ৰন্থ বিপণীসমূহ ক্ৰমে "আখৰ" প্ৰকাশন, এম আৰ পাব্লিকেচনকে ধৰি কে'বাটাও প্ৰতিষ্ঠিত বিপণীয়ে অংশ লয় ৷ তৃতীয়দিনাৰ প্ৰথমটো কাৰ্যসূচী গছপুলি ৰোপণ কাৰ্যসূচী উদ্বোধন কৰে ডঃ স্বাধীনতা মহন্তই ৷
তাৰ পিছতেই তৰুণ কোঁৱৰ সোঁৱৰণী যুৱ কবি সন্মিলন "কাব্যচৰ্চা" অনুষ্ঠানৰ উদ্বোধন কৰে নগাঁও এডিপি কলেজৰ অধ্যাপক ডঃ অলক শৰ্মাই আৰু সঞ্চালনা কৰে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানে ৷
হোজাই জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক জমিৰউদ্দিন তালুকদাৰে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত গীত ৰাজ, দ্বীপ হেষ্টিংছ বড়ী, শিল্পিকা মধুকল্য, দেৱজিৎ গগৈ,জোনাক প্ৰিয়মৰ লগতে কেবা গৰাকীয়ে তৰুণ কবিয়ে কবিতা পাঠ কৰে ।
দিনৰ ১ বজাত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই আৰু উদ্বোধন কৰে প্ৰাক্তন সভাপতি জুলিয়ানা বেগমে ৷ মুকলি সভাত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামান উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷
জামানে নিজৰ ভাষণত কবি সন্মিলনৰ ইতিহাস আৰু ৰাম গগৈৰ আদৰ্শ যুৱ প্ৰজন্মই অনুকৰণ কৰিবলৈ অনুৰোধ জনায় ৷ সভাখনত আদৰণি সমিতিৰ হৈ সভাপতি ডঃ হাছিনুচ চুলতানে এক দীৰ্ঘ সভাপতিৰ অভিভাষণ পাঠ কৰে ৷
মুকলি সভাত উপস্থিত থাকে প্ৰধান সম্পাদক উজ্জল পাউগাম, আদৰণি সমিতিৰ সম্পাদক জমিৰউদ্দিন তালুকদাৰ, ৰাজীৱ হুচেইন সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ সদৌ অসম কবি সন্মিলনৰ মহিলাৰ অনুষ্ঠান কাব্য নন্দিনীত কুৰি গৰাকীৰো অধিক মহিলা কবিয়ে অংশ লয় ৷
এই অনুষ্ঠানৰ সঞ্চালনা কৰে ডঃ স্বাধীনতা মহন্তই আৰু উদ্বোধনী ভাষণ আগবঢ়ায় নিলাক্ষী চলিহাই ৷ অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় মিনতি দেৱী কীকতীয়ে ৷
- Log in to post comments
- 12 views