নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ভাৰতীয় আৰক্ষী সেৱাৰ এজন সুদক্ষ তথা কৰ্মপটু বিষয়া হিচাপে সদা পৰিচিত নগাঁও আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধি ৷ নিজৰ যোগ্যতা আৰু পাৰদৰ্শিতাৰ বাবে নগাঁৱৰ দৰে অতি গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ জিলাৰ আৰক্ষীৰ দায়িত্ব লাভ কৰে এইজন যুৱ আৰক্ষী বিষয়াই ৷
নগাঁও জিলাত যোগদান কৰাৰ পিছৰে পৰা অপৰাধ আৰু অপৰাধীৰ মূৰৰ কামোৰণিত পৰিণত হোৱা আৰক্ষী অধীক্ষকগৰাকীৰ সুদক্ষ পৰিকল্পনা আৰু পৰিচালনাৰ ফলশ্ৰুতিত জিলাখনৰ আৰক্ষী বিভাগে লাভ কৰিছে বহু সফলতা ৷
ৰাইজৰ মাজৰ এজন বিষয়া হিচাপে নিজকে নগঞা জনসাধাৰণৰ অতি প্ৰিয়ভাজন আৰক্ষী অধীক্ষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা শঙ্কৰব্ৰত ৰায় মেধিয়ে জিলাখনত প্ৰদান কৰা বিশেষ সেৱাৰ বাবে মুখ্য মন্ত্ৰীৰ আৰক্ষী মেডেল লাভ কৰি জিলাখনৰ লগতে নগাঁও আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
আজি অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট উচ্চপদস্থ আৰক্ষী বিষয়া, নাগৰিকসকলৰ সন্মুখত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰ্ষধ্বনিৰ মাজত নগাঁও জিলা আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ বুকুত 'মুখ্য মন্ত্ৰীৰ বিশেষ আৰক্ষী মেডেল' পৰিধান কৰায় ৷
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দৰে দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা উচ্চ শিক্ষা লাভ কৰি প্ৰথমে লেডী শ্ৰীৰাম কলেজ, কলেজ অব্ ভকেচনেল ষ্টাডিছত অধ্যাপনা কৰাৰ পিছত বোকাজানৰ এছ ডি পি অ', কেন্দ্ৰীয় চৰকাৰৰ বিষয়া, শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি বৰ্তমান অসমৰ এখন অতি গুৰুত্বপূৰ্ণ জিলা হিচাপে সকলোৰে পৰিচিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব পালন কৰি বিশেষ সেৱাৰ বাবে ২০১৭ বৰ্ষৰ মুখ্য মন্ত্ৰী আৰক্ষী মেডেল লাভ কৰাত জিলাখনৰ আৰক্ষী বিভাগৰ লগতে সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছে আৰু জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াজনক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ৷
- Log in to post comments
- 28 views