ছয়গাঁৱৰ পৰা কাকলি নাথৰ সহযোগত নীহাৰিকা তালুকদাৰ
২০১৯ বৰ্ষৰ অস্কাৰলৈ বিদেশী ছবিৰ শিতানত মনোনয়নৰ বাবে ভাৰতৰ পৰা 'অফিচিয়েল এণ্ট্ৰী' লাভ কৰা 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিৰ পৰিচালক ৰিমা দাসৰ বাসগৃহত আজি দিনৰ ২ বজাত অগপৰ এক প্ৰতিনিধি দল উপস্থিত হয় ৷
অসম চৰকাৰৰ মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত কার্যকৰী সভাপতি কেশৱ মহন্ত, ছয়গাঁও সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক কমলা কলিতা আদিকে ধৰি বহুকেইজন ব্যক্তি ৰিমা দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জনোৱাৰ লগতে লগতে ৫ লাখ টকাৰ চেক প্ৰদান কৰে ।
- Log in to post comments
- 21 views