ৰাজ্যৰ শিক্ষা বিভাগত ৪০,৮৪৮ পদ খালী

ৰাজ্যৰ শিক্ষা বিভাগত ৪০,৮৪৮ পদ খালী

ৰাজ্যৰ শিক্ষা বিভাগত মুঠ ৪০,৮৪৮টা পদ খালী হৈ আছে । নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫,৩৯৩টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা শিক্ষক পদ খালী হৈ আছে । প্ৰাদেশীকৃত উচ্চ ইংৰাজী বিদ্যালয়ত ৮৭৮টা প্ৰধান শিক্ষক, ২১৫টা সহকাৰী প্ৰধান শিক্ষক আৰু ১৪,২৪৩টা সহকাৰী শিক্ষকৰ পদ খালী হৈ আছে । 

ৰাজ্যৰ শিক্ষা বিভাগত ৪০,৮৪৮ পদ খালী

প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৪টা অধ্যক্ষৰ পদ, ৫০০টা উপাধ্যক্ষৰ পদ, ১,২৭৩টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে । চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩৭৭টা সহকাৰী শিক্ষক, ১০৫টা বিষয় শিক্ষক, ৪৪টা নিৰ্দেশক পদ খালী হৈ আছে । 

ৰাজ্যৰ শিক্ষা বিভাগত ৪০,৮৪৮ পদ খালী

অন্যহাতে, নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫,৩৯৩টা, উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা, প্ৰাদেশীকৃত উচ্চ ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৫০টা, চৰকাৰী উচ্চ ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৮টা তৃতীয় শ্ৰেণীৰ পদ খালী হৈ আছে । 

প্ৰাথমিক শিক্ষা খণ্ডত ১,১৭৭টা আৰু মাধ্যমিক শিক্ষা খণ্ডত ২,১৭৫টা চতুৰ্থবৰ্গৰ পদ খালী হৈ আছে । বিধানসভাত এই তথ্য প্ৰদান কৰে ৰাজ্যিক শিক্ষামন্ত্ৰী পল্লৱলোচন দাসে ।

Your Comments