২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ ১৯,৬৩,৩৭৬জন পঞ্জীয়নভুক্ত নিবনুৱা আছে অসমত । ১৬,৬৫,৮৬৬জন শিক্ষিত নিবনুৱা আৰু ২,৯৭,৫১০জন হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ নোহোৱা নিবনুৱা ।
বিধানসভাত এই তথ্য প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনায় যে 'প্লেচমেণ্ট লিংক্ড স্কীল ট্ৰেইনিং প্ৰ'গ্ৰেম আঁচনি'ৰ জৰিয়তে ৮৬,০০০ যুৱক-যুৱতীক ২০১৯ৰ মাৰ্চৰ ভিতৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে ।
কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আঁচনিৰ জৰিয়তে এই বছৰত ৩৫,৬২৯ যুৱক-যুৱতীক দক্ষতা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে । নৰ্থ-ইষ্ট চেণ্টাৰত বছৰি ৪০০জন যুৱক-যুৱতীক চাৰিটা বিভিন্ন 'জব ৰোল'ত এবছৰীয়া আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হাতত লৈছে ।
মন্ত্ৰী পাটোৱাৰীয়ে জনায় যে 'আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন'ৰ জৰিয়তে ২০২১ৰ মাৰ্চ মাহলৈকে ৭৮,৫০৮জনক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা লৈছে চৰকাৰে । মন্ত্ৰীগৰাকীয়ে জনায় যে 'আছাম ষ্টেট আৰবান লাইভলিহুড মিছন'ৰ জৰিয়তে ২১,০০০জনক দক্ষতা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
- Log in to post comments
- 18 views