১ কোটি ৬০ লাখ টকাৰ গ্ৰন্থ ক্ৰয়

১ কোটি ৬০ লাখ টকাৰ গ্ৰন্থ ক্ৰয়

অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন পুথিভঁৰাল, শিক্ষানুষ্ঠান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ হিন্দী ভাষাৰ জীৱনীৰ ১৫ খণ্ডৰ ৪,০০০খনকৈ মুঠ ৬০,০০০খন গ্ৰন্থ যোগান ধৰিছে ৷

বিধানসভাৰ শৰৎকালীন অধিবেশনত বিধায়ক দেবব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত এই কথা ব্যক্ত কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলেয়ে ৷ নতুন দিল্লীৰ প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনীৰ ৪,০০০ কপি অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ যোগেদি ক্ৰয় কৰাত ১ কোটি ৬০ লাখ টকা ব্যয় কৰা হয় ৷

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে অৱশ্যে এইটো স্পষ্ট কৰি দিছে যে দীনদয়াল উপাধ্যায়ৰ দৰে অসমৰ আন ব্যক্তিৰ জীৱনী ক্ৰয় কৰাৰ বাবে চৰকাৰে এতিয়লৈ প্ৰস্তাৱ লোৱা নাই ৷

লক্ষণীয়ভাৱে এজন ব্যক্তিৰ ওপৰত প্ৰকাশ পোৱা গ্ৰন্থ বা এজন লেখকে ৰচনা কৰা কোনো গ্ৰন্থ অসমৰ পুথিভঁৰাল সঞ্চালকালয়ে ইমান বৃহৎ পৰিমাণৰ পুঁজিৰে ক্ৰয় কৰাৰ নজীৰ নাই ৷

Your Comments