৩২,২৪৮টা চুৰি কাণ্ড ! অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতা উন্মোচিত হ'ল বিধানসভাত

৩২,২৪৮টা চুৰি কাণ্ড ! অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতা উন্মোচিত হ'ল বিধানসভাত

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে দিছপুৰৰ শাসনভাৰ লোৱাৰ পিছত অসমত বিভিন্ন ধৰণৰ অপৰাধ ভয়ানক হাৰত বৃদ্ধি হৈছে ।

চুৰি-ডকাইতিৰ পৰা আৰম্ভ কৰি ধৰ্ষণ, যৌন নিৰ্যাতন, যৌতুকজনিত অপৰাধলৈকে- সকলোতে এখন ভয়ংকৰ ছবি ।

স্বয়ং চৰকাৰী তথ্যই উদঙাইছে এই অবাঞ্চিত সত্য । অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথমদিনা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰে দিয়া তথ্য অনুসৰি মিত্ৰজোঁট চৰকাৰৰ দিনত ৩২,২৪৮টা চুৰিকাণ্ড সংঘটিত হৈছে । 

আগষ্ট মাহলৈকে সংগৃহীত তথ্য অনুসৰি ১৫,৭৪১টা অপহৰণৰ ঘটনা সংঘটিত হৈছে । যৌতুকজনিত অপৰাধৰ সংখ্যা ১৫,৪৭০টা ।

১০,২৯৬টা যৌন নিৰ্যাতনৰ ঘটনাৰ সূত্ৰপাত হয় ।

আনহাতে, ৪,১৩০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে এই চৰকাৰৰ কাৰ্যকালত । পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬,২৭৫জন লোকে ।

ডকাইতি সংঘটিত হয় ৩৫৯টা । ইফালে ৰাজ্যত অন্ধবিশ্বাসৰ ফলত ২১জনৰ মৃত্যু হয় ।

লক্ষণীয়ভাৱে কেৱল ৰাজধানী মহানগৰীতে ৮,২৯৬টা চুৰিকাণ্ড, ১৩টা ডকাইতি কাণ্ড, ৪৫৭টা যৌন নিৰ্যাতনৰ ঘটনা, ১,৫৪৩টা অপহৰণৰ ঘটনা সংঘটিত হয় ।

৬১টা ধৰ্ষণৰ ঘটনাৰ সূত্ৰপাত হয় মহানগৰীত । চৰকাৰখনৰ কাৰ্যকালত ৬০৬জনে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৰাজধানী মহানগৰখনত ।

Your Comments