
নিউজ ডেস্ক:
দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে সামৰণি।আবেলি ৫বজাৰ লগে লগে সামৰণি পৰে ভোটগ্ৰহণ।ভাৰতীয় নিৰ্বাচনী আয়োগৰ তথ্য মতে ৯৯শতাংশ ভোটদান হয়।
উল্লেখ্য যে,ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ৪৭৯৬গৰাকী বিধায়ক-সাংসদ।দেশৰ ১০খনকৈ ৰাজ্য আৰু ১খন স্বায়ত্ব শাসিত ৰাজ্যত ৰাষ্ট্ৰপতি নিৰ্বাচনত ১০০শতাংশ ভোটদান হয়।
গুৰুত্বপূৰ্ণ কথা এই যে দ্ৰৌপদী মূৰ্মু আৰু জশৱন্ত সিনহাৰ ভাগ্য ভোটাৰে বন্দী কৰে বেলতত।অহা ২০জুলাইত ঘোষণা হ’ব ফলাফল।উল্লেখ্য যে দেশৰ ৩১টা স্থানত ১৬সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়।
- Log in to post comments
- 11 views