আজমল অসমৰ মুছলমানৰ প্ৰধান শত্ৰু, NDAপ্ৰাৰ্থীক ভোট দিব- অখিল গগৈ

A

নিউজ ডেস্ক:
"সাংসদ বদৰুদ্দিন আজমল মুছলমানৰ আটাইতকৈ প্ৰধান শত্ৰু।ভাৰতৰ ইতিহাসত আটাইতকৈ অবিশ্বাসী নেতা আজমল"-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ উজাৰে  বিধায়ক অখিল গগৈয়ে।আজমলৰ বাবেই বিজেপি দলে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব পাৰিছে।AIUDF দল  আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।
ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ সমৰ্থিত প্ৰাৰ্থীক AIUDF দলে ভোট দিব বুলি উল্লেখ কৰি অখিলে কয়-AIUDF মুছলমান মৌলবাদী আৰু বিজেপি হিন্দু মৌলবাদী।আজমলৰ কথা অসমৰ কোনো মানুহে বিশ্বাস কৰিব নালাগে।বিগত ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল AIUDFয়ে।আজমল মিছলীয়া, অসমৰ ডাঙৰ শত্ৰু।ৰাষ্ট্ৰপতি নিৰ্বাচনতো NDAক ভোট দিব AIUDF দলে।

Your Comments