
নিউজ ডেস্ক:
'ভূপেন বৰাৰ নিজৰে ভোট নাই, ভোট বিহীন ব্যক্তিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত মূৰ ঘমাব নালাগে'- এই মন্তৱ্য এ আই ইউ ডি এফ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।ৰাষ্ট্ৰপতি নিৰ্বাচনত এআইইউডিএফে এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মূক ভোট দিব বুলি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা বিস্ফোৰক অভিযোগক উভতি ধৰি বিধায়ক ৰফিকুল ইছলামে কয়-AIUDFৰ সভাপতি ভূপেন বৰা নহয়, ৰফিকুল ইছলামে ক’ত ভোট দিব কোৱাৰ দৰকাৰ নাই বৰাৰ।ভূপেন বৰা AIUDFৰ 15 জন বিধায়কৰ মালিক নেকি বুলিও প্রশ্ন কৰে।
ভূপেন বৰাই নিজৰ দলৰ বিধায়ক যশৱন্ত সিনহাক ভোট দিয়া ব্যৱস্থা কৰক।আমাৰ ১৫ বিধায়ক, ১জন সাংসদৰ ভোট বিৰোধী সমৰ্থিত প্ৰাৰ্থীক প্ৰদান কৰিম- AIUDFৰ বিধায়ক ইছলামে কয়। কংগ্ৰেছে বেলেগৰ বেয়া কামনা কৰি কৰি গোটেই দেশত শূণ্য হৈ পৰিছে।কংগ্ৰেছৰ অসমত টিম-টিমা-টিম বাতি জ্বলিছে- হাফিজ ৰফিকুল ইছলামে এইদৰেও কয়।উল্লেখ্য যে, অহা ২৮জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ।
- Log in to post comments
- 3 views