
নিউজ ডেস্ক:
তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ বিতৰ্কিত টুইটৰ প্ৰসংগত কংগ্ৰেছ বিধায়কৰ প্ৰতিক্ৰিয়া প্রকাশ।কংগ্রেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্হই কয় যে- তৃণমূল সাংসদ মৈত্ৰাই কেৱল আহোম বা গগৈ উপাধিধাৰীক অপমান কৰা নাই সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে।অসমীয়া জাতিৰ ওচৰত ক্ষমা খুজিব লাগে।
আনহাতে কংগ্ৰেছৰ আন এগৰাকী বিধায়ক জাকিৰ হুছেইন চিকদাৰে কয়- মহুৱা মৈত্ৰাই টাৰ্গেট কৰা ব্যক্তি গৰাকীৰ উত্তৰলৈ আমি অপেক্ষা কৰিছোঁ।পূৰ্বতে তেওঁৰ বিষয়ে আমিয়ো শুনিছিলোঁ,কিমানদূৰ সত্য নাজানো।
'অসমত বসবাস কৰা কোনো জাতিক অপমান সহ্য কৰা নহব।কলা দাগ থকা মানুহ বিজেপিত যোগদান কৰিলে বগা হৈ যায়' - চিকদাৰে কয়।
ইফালে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই মৈত্ৰাৰ প্ৰসংগত কয়- মহুৱা মৈত্ৰাই সমগ্ৰ 'গগৈ' সমাজৰ কথা কোৱা নাই।সাংসদ ৰঞ্জন গগৈৰ কথাহে কৈছে ৷
উল্লেখ্য যে সংসদে নিষিদ্ধ কৰিছে কিছুমান শব্দ।তাৰ ভিতৰত আছিল 'যৌন নিৰ্যাতন' শব্দটো।উক্ত শব্দটোৰ প্ৰসংগতে সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ প্ৰতিশব্দ মিষ্টাৰ গগৈ বুলি বৃহস্পতিবাৰে প্ৰথমটো টুইট কৰিছিল।পৰৱৰ্তী সময়ত গগৈ উপাধিৰ ব্যক্তি তথা আহোম জাতিৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত আজি পুনৰ মৈত্ৰাই স্পষ্ট কৰিছে মিষ্টাৰ গগৈজনৰ নাম।টুইটাৰত প্রকাশ কৰা অনুসৰি নিৰ্দিষ্ট গগৈজন ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ।
- Log in to post comments
- 7 views