
নিউজ ডেস্ক:
বহুকেইটা দাবীৰে আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ।গুৱাহাটী শ্বহীদ ন্যাসৰ সন্মুখত আছুৰ কেন্দ্ৰীয় নেতৃত্বই সাব্যস্ত কৰে প্ৰতিবাদী বিক্ষোভ।
অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে স্থায়ী সমাধান কৰি বানত ক্ষতিগ্ৰস্ত জনতাক কেন্দ্ৰীয় চৰকাৰে আৰ্থিক পেকেজ প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।ইয়াৰ ওপৰিও বানপানীত ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি সংস্থাপনৰ দাবী জনায় আছু নেতৃত্বই।বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, সভাপতি দীপাংক কুমাৰ নাথ প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক কর্মী উপস্থিত থাকে ।
- Log in to post comments
- 47 views