
নিউজ ডেস্ক:
"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাৰাষ্ট্ৰ ঘোষিত মুখ্যমন্ত্ৰী হ’ব নেকি!মহাৰাষ্ট্ৰৰ পৰা পলাই অহা বিধায়কে অসমৰ মুখ্যমন্ত্ৰীৰ সাহসত থাকিব লগা হৈছে"- এই বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ।Non playing কেপ্তেইনৰ ভূমিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মহাৰাষ্ট্ৰৰ বিধায়ক মহাৰাষ্ট্ৰলৈ ঘুৰি যাওঁক ,তেওঁলোকে মহাৰাষ্ট্ৰখনহে চলাব ।অসমৰ পৰিৱেশ কিয় বেয়া কৰি আছে বুলিও প্রশ্ন তোলে হুছেইনে।
ইফাল ঘৰলৈ যাবলৈ সাহস নকৰা বিধায়কে কেনেকৈ ৰাজ্য চলাব।আমাৰ জনে চলাবলৈ চেষ্টা কৰি আছে নেকি , তেওঁ নোৱাৰা একো নাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এইদৰে কয় হুছেইনে।
আনহাতে মহাৰাষ্ট্ৰৰ বিধায়কসকলক বিজেপি শাসিত গুজৰাট, মধ্য প্ৰদেশকে ধৰি অন্য ৰাজ্যসমূহে ৰাখি কলা দাগ লগাব বিচৰা নাই বুলি উল্লেখ কৰি হুছেইনে কয়-আমাৰ মুখ্যমন্ত্ৰীৰ বগা দাগেই নাই, গতিকে দিল্লীত গৈ নিজেই গাত পাতি ললে।
- Log in to post comments
- 7 views