
নিউজ ডেস্ক:
ইছলামিক সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া(PFI)আৰু কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া(CFI) ক নিষিদ্ধ ঘোষণাৰ দাবীত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ।সোমবাৰে দীঘলীপুখুৰীৰ পাৰত দলটোৰ সদস্য সকলে জয় শ্ৰী ৰাম,ভাৰত মাতা কি জয়, ৰাষ্ট্ৰীয় বজৰং দল জিন্দাবাদ, PFI আৰু CFI ক নিষিদ্ধ কৰক, ইছলামিক মৌলবাদী সংগঠন কঠোৰ হাতেৰে দমন কৰক আদি শ্ল’গান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ অসম প্ৰদেশৰ সভাপতি দিনেশ কলিতাই কয় যে অসমত PFI জেহাদী কাৰ্যকলাপৰ লগত জড়িত হৈ আছে।শীঘ্ৰে অসম চৰকাৰে PFI আৰু CFI ক নিষিদ্ধ ঘোষণা কৰিব লাগে।সংগঠনটো কেৰেলাত ২৭টাকৈ হত্যাকাণ্ডৰ গোচৰত জড়িত আছে।কেৰেলা উচ্চ ন্যায়ালয়ে ইয়াক উগ্ৰপন্থী সংগঠন বুলি অভিহিত কৰিছে।
PFI ৰ বিৰুদ্ধে ভাৰতত বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে।অসমত PFIয়ে ১০ খন জিলাত নেটৱৰ্ক বৃদ্ধি কৰাৰ লগতে অসমত সংগঠনটোৰ ২৭হাজাৰ সক্ৰিয় সদস্য আছে। PFI আৰু CFI এই দুই সংগঠনে আই এচ আই এচ আৰু অ'লকায়দা আদি সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসবাদক উৎসাহিত কৰা সাহিত্য আদি অনুবাদ কৰি মুছলিম যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে তেওঁ।অসমত সংগঠন দুটাক নিষিদ্ধ কৰা দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
- Log in to post comments
- 14 views