
নিউজ ডেস্ক:
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুৰণি গোচৰত ইডিয়ে চমন জাৰি কৰাৰ প্ৰসংগত গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ।“বিজেপি চৰকাৰে ৰাহুল গান্ধীলৈ ইডিৰ জৰিয়তে চমন জাৰি কৰা এক ৰাজনৈতিক ষড়যন্ত্ৰ।কংগ্ৰেছে সত্যৰ পক্ষত মাত-মাতোতে ভয় কৰিবলৈ শিকা নাই”- সভাপতি ভূপেন বৰাই কয়।
প্ৰতিবাদকাৰীক আৰক্ষীয়ে ৰাজীৱ ভৱনৰ সমীপতে বাধা প্ৰদান কৰে।দলৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে কংগ্ৰেছৰ শীর্ষ নেতা সকল উপস্থিত থাকে।ইফালে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক।দিনটো আটক কৰি থানাতে আৱদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰী সকলক।
উল্লেখ্য যে আজি ইডি কাৰ্যালয়ত হাজিৰ হয় কংগ্ৰেছৰ নেতৃত্ব ৰাহুল গান্ধী।
- Log in to post comments
- 13 views