বিজেপিৰ বিৰুদ্ধে মহাজোঁট গঠনৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ব্যাপক তৎপৰতা চলাই থকাৰ মাজতে এই প্ৰচেষ্টাত হেঙাৰ সৃষ্টি কৰিলে বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীয়ে ৷
বৃহস্পতিবাৰে কংগ্ৰেছক এলাগী কৰি ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে অজিত যোগীৰ জনতা কংগ্ৰেছ দলৰ লগত জোঁট গঠনৰ কথা ঘোষণা কৰে ৷ ছত্তীশগড় বিধানসভাৰ মুঠ ৯০খন আসনৰ ভিতৰত মায়াৱতীৰ বি এছ পি দলে ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যোগী আৰু মায়াৱতী উভয়ে ঘোষণা কৰে ৷
কেৱল সেয়াই নহয়, মায়াৱতীৰ বি এছ পি দলে তেওঁলোকৰ ২২জন প্ৰার্থীৰ নামো ঘোষণা কৰে ৷ মায়াৱতীৰ দলে জনায়, যদি এই মৰ্চাই নিৰ্বাচনত জয়লাভ কৰে তেনেহ’লে অজিত যোগী মুখ্য মন্ত্ৰী হ’ব ৷
উল্লেখ্য যে বিসম্বাদী নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অজিত যোগীক ২০১৬ চনত কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ তাৰ পিছতেই যোগীয়ে নিজা অনুগামীসকলক লৈ জনতা কংগ্ৰেছ দল গঠন কৰে ৷
মধ্যপ্ৰদেশতো মায়াৱতীয়ে কংগ্ৰেছৰ সৈতে মহাজোঁটত চামিল হোৱাৰ সম্ভাৱনাক নাকচ কৰি দিয়ে ৷ বি এছ পিৰ তৰফৰ পৰা জনোৱা মতে, মধ্যপ্ৰদেশত এই দলে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব ৷
মায়াৱতীৰ এই পদক্ষেপ আৰু স্থিতিয়ে প্ৰকৃততে বিজেপি দলকেই অধিক লাভৱান কৰিব ৷ মধ্যপ্ৰদেশত বিজেপিৰ জনসমৰ্থন ব্যাপকভাৱে হ্ৰাস পাইছে ৷ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিজেপিৰ নেতা-মন্ত্ৰীসকল জনসাধাৰণৰ মাজত প্ৰচণ্ড অপ্ৰিয় হৈ পৰিছে ৷
এই পৰিস্থিতিত আটাইবোৰ বিৰোধী দল ঐক্যবদ্ধ হৈ যদি যুঁজ দিলেহেঁতেন তেনহ’লে বিজেপি ক্ষমতাচ্যুত হোৱাটা নিশ্চিত আছিল ৷ কিন্তু মায়াৱতীৰ ৰাজনীতিয়ে বিৰোধী ভোটত বিভাজন ঘটাই বিজেপিকহে লাভৱান কৰিব ৷
ইতিপূৰ্বে মায়াৱতীয়ে মধ্যপ্ৰদেশত আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৫০খন আসন দাবী কৰিছিল ৷ কিন্তু কংগ্ৰেছ দলে মায়াৱতীৰ দলক ৩০খনৰ অধিক আসন এৰি দিবলৈ সাজু নহয় ৷
কাৰণ ইয়াতকৈ অধিক আসন বি এছ পিক এৰি দিলে মধ্যপ্ৰদেশত কংগ্ৰেছৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ হ’ব ৷
- Log in to post comments
- 12 views