ত্ৰিপুৰাত গণতন্ত্ৰক কবৰ দি ৯৬ শতাংশ পঞ্চায়ত দখল শাসকীয় বিজেপিৰ

 ত্ৰিপুৰাত গণতন্ত্ৰৰ প্ৰহসন : পঞ্চায়তত ৯৬ শতাংশ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি প্ৰাৰ্থী

ত্ৰিপুৰাৰ শাসন ক্ষমতাত আহিয়েই গণতন্ত্ৰক প্ৰহসনত পৰিণত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ অহা ৩০ ছেপ্টেম্বৰত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

কিন্তু শাসক দলৰ কৰ্মীসকলৰ গুণ্ডামি আৰু বাধা প্ৰদানৰ ফলত বিৰোধী দলবোৰৰ প্ৰাৰ্থীসকলে ৯৬ শতাংশ আসনতেই মনোনয়ন-পত্ৰ দাখিলেই কৰিব নোৱাৰিলে ৷ ফলত উক্ত ৯৬ শতাংশ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয় বিজেপিৰ প্ৰাৰ্থীসকল ৷

বিৰোধী দলবোৰৰ অভিযোগ, বিজেপিয়ে ক্ষমতাত আহিয়েই ৰাজ্যখনৰ আটাইবোৰ পঞ্চায়তৰ সদস্যসকলক বলপূৰ্বক পদত্যাগ কৰিবলৈ বাধ্য কৰে আৰু নতুনকৈ নিৰ্বাচনৰ আয়োজন কৰে ৷

ত্ৰিপুৰাত গণতন্ত্ৰক কবৰ দি ৯৬ শতাংশ পঞ্চায়ত দখল শাসকীয় বিজেপিৰ

কেৱল সেয়াই নহয়, বিৰোধী দলবোৰৰ সদস্যসকলক বিজেপিৰ কৰ্মীসকলে মনোনয়ন-পত্ৰ দাখিল কৰাতো বাধা প্ৰদান কৰে ৷ ফলত সৰহসংখ্যক পঞ্চায়ত আসনত বিৰোধী দলৰ প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিলেই কৰিব নোৱাৰিলে ৷

প্ৰাপ্ত বাতৰি মতে, ৩,৩৮৬খন গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদৰ আসনৰ ভিতৰত ৩,২৪৭খন আসনত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে ৷

ত্ৰিপুৰাত গণতন্ত্ৰক কবৰ দি ৯৬ শতাংশ পঞ্চায়ত দখল শাসকীয় বিজেপিৰ

অহা ৩০ ছেপ্টেম্বৰত মাত্ৰ ১৩২খন গাঁও পঞ্চায়ত আসন আৰু সাতখন পঞ্চায়ত সমিতিৰ আসনত ভোটগ্ৰহণ কৰা হ’ব ৷ লক্ষণীয় যে পঞ্চায়ত নিৰ্বাচনক এই ধৰণে বিজেপিয়ে সম্পূৰ্ণ প্ৰহসনত পৰিণত কৰাত শাসক দলটোৰ সহযোগী আই পি এফ টিয়েও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এই নিৰ্বাচন স্থগিত ৰখাৰ দাবী জনাইছে ৷

কিন্তু ৰাজ্যিক নিৰ্বাচন আয়ুক্তই নিৰ্বাচন স্থগিত ৰখাৰ দাবী খাৰিজ কৰিছে ৷ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক দলত্যাগৰ ঘটনাও ঘটিছে ৷

বিৰোধী দলৰ বহু সদস্যই বিজেপিত যোগ দিয়া বুলি জানিব পৰা গৈছে ৷
    

Your Comments