ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহ’লে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব কোনো নিষেধাজ্ঞাঃ মুখ্যমন্ত্ৰী

A

 

নিউজ ডেস্ক:
১৫ ফেব্ৰুৱাৰীলৈ যদি ৰাজ্যত ক’ভিড সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি নহয় তেন্তে ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ আঁতৰাই দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।তেওঁ কয় যে - ‘১৫ ফেব্ৰুৱাৰীলৈ যদিহে ক’ভিড আৰু আগবাঢ়ি নাযায় তেতিয়াহ’লে ১৫ ফ্ৰেব্ৰুৱাৰীৰ পাছত ৰাজ্যত লাঘু হৈ থকা সকলো ক’ভিডৰ লগত জড়িত সকলো নিষেধাজ্ঞা আঁতৰাই দিয়া হ’ব। নাইট কাৰ্ফিউ গুচাই দিয়া হ’ব আৰু স্কুল-কলেজো পুৰ্ণ ৰূপত খুলিব।’লগতে ব’হাগ বিহুৰ অনুষ্ঠান সমূহো ভালকৈ পাতিব পাৰিব বুলি মুখ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰি সকলোকে ১৫ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰাৰ বাবে আহ্বান জনায়।

Your Comments