গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী ক’ভিডত আক্ৰান্ত

A

 


নিউজ ডেস্ক:
গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰত ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ।
উল্লেখ্য যে ,১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীক ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি।আক্ৰান্ত হোৱা সকলৰ ২২ গৰাকী শিক্ষক আৰু ৮ গৰাকী  কৰ্মচাৰী  বুলি জানিব পৰা গৈছে।
প্ৰায় ৩-৪ দিন পূৰ্বৰে পৰা জ্বৰ-চৰ্দিত ভুগি আছিল বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী।
গুৰুত্বপূৰ্ণ কথা এই যে ,শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত।
অভিভাৱকে এই সম্পৰ্কত জিলা উপায়ুক্তক অৱগত কৰাৰ পাছত মঙলবাৰে বিদ্যালয়খনত উপস্থিত হয় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল।

Your Comments