ক'ৰনা ভেকচিন লোৱাটো বাধ্যতামূলক নহয়- কেন্দ্ৰীয় চৰকাৰ

A

নিউজ ডেস্ক: 

ক'ৰনা ভেকচিন লোৱাতো বাধ্যতামূলক নহয়।উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই শপতনামা।কেন্দ্ৰই ন্যায়ালয়ক দাখিল কৰা শপতনামা তথা তথ্য অনুসৰি কোনো ব্যক্তিক জোৰ-জুলুম কৰি দিয়া নাই ভেকচিন।

উল্লেখ্য যে ,কেন্দ্ৰই দাখিল কৰা তথ্য মতে অনুমতি অবিহনে দিয়া নহয় ভেকচিন।ভেকচিন ল’ব নে নাই সেয়া নিজৰ কথা।ইচ্ছাৰ বিৰুদ্ধে কোনো ব্যক্তিক ভেকচিন প্ৰদান কৰা হোৱা নাই।

আনহাতে, ভেকচিন প্ৰমাণপত্ৰ লৈ ফুৰা বা দেখুৱাটো সকলো ক্ষেত্ৰত বাধ্যতামূলক নহয় বুলিও কেন্দ্ৰৰ তথ্যত স্পষ্টকৈ উল্লেখ কৰিছে।

Your Comments