নিউজ ডেস্ক:
পহিলা জানুৱাৰীৰ পৰা বন্ধ হ'ব গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।চিকিৎসালয়খনক ৮০০খন বিচনাযুক্ত স্পেচিয়েলিটি চিকিৎসালয়লৈ উন্নীতকৰণ কৰা প্ৰক্রিয়া আৰম্ভ কৰাৰ বাবে অসম চৰকাৰে বন্ধ ৰখাৰসিদ্ধান্ত লৈছে।
চিকিৎসালয়খন নিৰ্মাণৰ বাবে বন্ধ হলে ৰোগীৰ যাতে সমস্যা নহয় তাৰ বাবে ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।সংবাদমাধ্যমক এই কথা জনায় জিএমএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই।পহিলা জানুৱাৰীৰ পৰা জি এম চি এইচৰ অধীনত আৰম্ভ হ'ব ধীৰেন পাৰা এফ.আৰ.ইউ আৰু পাণ্ডু চিকিৎসালয় সেৱা।১৩০খন বিচনাযুক্ত হ'ব চিকিৎসালয় দুখন।
বৈশ্যই জানিবলৈ দিয়া অনুসৰি দুয়োখন চিকিৎসালয়ত থাকিব এম.এম.চি.এইচৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসক।পূৰ্বে ৯জন চিকিৎসক থকা ধীৰেণপাৰা এফ আৰ ইউত ১১জন চিকিৎসক নিয়োগ কৰিব জি এম চি এইচ কৰ্তৃপক্ষই।পাণ্ডু চিকিৎসালয়তো থাকিব পৰ্যাপ্ত সুবিধা ।
আনহাতে, প্ৰসুতিৰ সকলো ধৰণৰ চিকিৎসা দুয়োখন চিকিৎসালয়ত উপলব্ধ হ'ব।
- Log in to post comments
- 10 views