Omicron: দেশত অ'মিক্রনত আক্রান্ত ২১৩, বৃহস্পতিবাৰে অৰ্থাৎ আজি পৰ্যালোচনা বৈঠকত বহিব প্রধানমন্ত্রী মোদী

A



নিউজ ডেস্ক:

দেশত অ'মিক্রন আক্রান্তৰ সংখ্যা দুশৰ ঘৰ অতিক্ৰম কৰিলে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি , এই পর্যন্ত ২১৩ জন অ'মিক্রনত আক্রান্ত হৈছে। তাৰ ভিতৰত মহাৰাষ্ট্রত সৰ্বাধিক আক্ৰান্ত হোৱা দেখা গৈছে । তাৰ পিছতেই ৰৈছে দিল্লী । সূত্রৰ খবৰ অনুসৰি , বৃহস্পতিবাৰে অৰ্থাৎ আজি এখন পর্যালোচনা বৈঠকত বহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী।

মহাৰাষ্ট্রত অ'মিক্রন আক্রান্তৰ সংখ্যা ৬৫। দিল্লীত আক্রান্ত হৈছে ৫৭ জন। মঙ্গলবাৰে কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ চিঠি প্ৰেৰণ কৰি কয় যে “দেশত অ'মিক্রন আক্রান্তৰ সংখ্যাবৃদ্ধিৰ ফলত উদ্বেগজনক পৰিস্হিতিৰ সৃষ্টি হৈছে । এই সংক্রমণ যাতে দ্রুতভাৱে বৃদ্ধি নাপায় তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লগা হ'ব ।” তেওঁ আৰু কয় যে ,"ডেল্টাৰ তুলনাত তিনি গুণ অধিক সংক্রামক এই অ'মিক্রন"।

Your Comments