গুৱাহাটী মহানগৰীৰ ৫০টাকৈ পাৰ্কিং শ্লট বিনামূলীয়া ঘোষণা- গুৱাহাটী পৌৰ নিগম

A

নিউজ ডেস্ক :

গুৱাহাটী পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।গুৱাহাটী মহানগৰীৰ পাৰ্কিং মাচুল বিনামূলীয়া ঘোষণা।পূৰ্বৰ দৰে  গাড়ী পাৰ্কিং কৰাৰ বাবদ ল'ব নোৱাৰিব মাচুল।পৌৰ নিগমে জাননীযোগে এই কথা অৱগত কৰিছে।

উল্লেখ্য যে  গুৱাহাটীৰ ৫০টাকৈ পাৰ্কিং  শ্লট এতিয়াৰ পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ কথা আৱন্টিত পাৰ্কিং শ্লটৰ বিপৰীতে জিএমচিক দিব লগা ধন লেচিসকলে পৰিশোধ কৰাত বিফল হোৱাৰ পিছতেই পৌৰ নিগমে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

জিএমচি আয়ুক্তই জাৰি কৰাৰ নিৰ্দেশ মৰ্মে- মহানগৰীৰ ৫০টাকৈ ৰাজহুৱা পাৰ্কিং শ্লট বিনামূলীয়া কৈ এতিয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰিব।B

Your Comments