জি এম চি এইচত মাজনিশা স্বাস্থ্যমন্ত্ৰীৰ চাডেন ভিজিট : জেষ্ঠ্য চিকিৎসক নথকাত ক্ষুব্ধ মহন্ত

A

নিউজ ডেস্ক :
সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ১২জনকৈ ক'ৰনা আক্রান্তৰ  মৃত্যুৰ পাছতে তৎপৰ স্বাস্থ্য বিভাগ।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত মাজনিশা উপস্থিত জিএমচিএইচত।ক'ভিড চিকিৎসাৰ ছাডেন ভিজিটৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই হঠাৎ উপস্থিত হয়।

নিশা প্ৰায় ডেৰ বজাত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসকৰ ডিউটি তালিকা বিচাৰে কৰ্তৃপক্ষক।উল্লেখ্য যে  চিকিৎসা মহাবিদ্যালয়খনত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক ৷জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ হয় মন্ত্ৰী মহন্ত৷

গুৰুত্বপূৰ্ণ কথা কিছু দিন আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিএমচিত নিশা জ্যেষ্ঠ চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷

ইফালে চিকিৎসা মহাবিদ্যালয় খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়- 'কিছু সংস্কাৰৰ প্ৰয়োজন আছে'।

Your Comments