উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১৫ জুলাইৰপৰা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা

Exam

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ক’ভিড আতংকৰ মাজতে সংসদ সাজু হৈছে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ।১৫জুলাইৰপৰা চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মাধ্যমিক শিক্ষা সংসদ সাজু হোৱা বুলি প্ৰকাশ কৰিছে অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। শুক্ৰবাৰে আছু- আবছুৰ প্ৰতিনিধিৰ সৈতে পৰীক্ষা সন্দৰ্ভত হোৱা আলোচনাৰ পিছতে সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰিছে অধ্যক্ষ গৰাকীয়ে।

উল্লেখ্য যে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুলাইৰ ১৫-২০ তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল। তাৰ পিছতে অধ্যক্ষ গৰাকীয়েও এই কথাকে প্ৰকাশ কৰিছে।

গুৰুত্বপূৰ্ণ কথা স্বাস্থ্য বিভাগে আগষ্ট মাহত দিল্লীত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল যদিও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ কথা চিন্তা কৰি জুলাই মাহলৈ আগুৱাব পাৰে  পৰীক্ষা। ইতিমধ্যে দুই-তিনিদিনৰ ভিতৰত পৰীক্ষাৰ সবিশেষ ছাত্ৰ- ছাত্ৰীক অৱগত কৰা হ’ব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ বাবে সাজু হোৱাৰ আহ্বান জনাই বৰুৱাই কয়- পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ দিনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব সময় সূচী।

উল্লেখ যোগ্য যে  ৰাজ্যত ক’ভিত আক্ৰান্তৰ সংখ্যা শুক্ৰবাৰে ২.১৬ শতাংশলৈ হ্রাস পাইছে, যিয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে।

Your Comments