মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে তাৰ বাবে গঠন কৰি দিয়া কমিটিয়ে। মন্ত্ৰী অশোক সিংহালৰ অধ্যক্ষতাত গঠিত কমিটিয়ে কোন সকল হিতাধিকাৰীয়ে লাভ কৰিব ঋণ ৰেহাই সেই সন্দৰ্ভত শুক্ৰবাৰে সম্বোধন কৰে গুৰুত্বপূৰ্ণ সংবাদ মেল। জনতা ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়- সকলোৱে লাভ নকৰে ঋণ ৰেহাই। যোৱা ৩১ডিচেম্বৰ ২০২০ৰ আগত ঋণ লোৱাসকল মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটিৰ আওতালৈ আহিব।
একেদৰে বছৰি আয় ১লাখ টকাৰ তলৰ ঋণ লোৱা সকল কমিটিৰ আওতাত থাকিব। অৰ্থাৎ ১লাখ টকাৰ ওপৰত আয় হলে মাফ নহ’ব ঋণ।
টেক্সি, চাৰিচকীয়া বাহন থকা সকল নাহিব কমিটিৰ আওতাত। অৰ্থাৎ এইসকল ঋণ লোৱা লোকে নাপাব ৰেহাই।
এটা পৰিয়ালত এজনতকৈ অধিক লোকে ঋণ ল’লে নাপাব ৰেহাই।
গুৰুত্বপূৰ্ণ কথা যে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ২৬ লাখ মহিলাৰ নামত আছে ঋণ। ঋণৰ পৰিমাণ ১২হাজাৰ ৫০০ কোটি টকা।
উল্লেখ্য যোৱা নির্বাচনী প্ৰচাৰ সভাত মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ মাফ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 26 views