উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত শিক্ষা সংসদৰ সৈতে আছু-আবছুৰ গুৰুত্বপূৰ্ণ বৈঠক। সংসদৰ বামুনীমৈদামস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বৰ্ষ নষ্ট যাতে নহয় তাৰ বাবে পুনৰ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ সংগঠন দুটাৰ নেতৃত্বৰ ৷
উল্লেখ্য ক’ভিড আক্রান্তৰ হাৰ ৰাজ্যখনত ১ শতাংশলৈ হ্ৰাস হ’লে অহা আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। উক্ত ঘোষণাৰ সন্দৰ্ভতে আছু-আবছুৰ নেতৃত্বই শুক্ৰবাৰে সংসদৰ লগত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বৈঠকত মিলিত হয়।
উক্ত বৈঠকত আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা, আবছুৰ সভাপতি দ্বীপেন বড়োৱে অংশগ্ৰহণ কৰে।
ইফালে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, সচিব ৰমেশ চন্দ্ৰ চুতীয়া, পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ বৈঠকখনত উপস্থিত থাকে।
- Log in to post comments
- 13 views