হ্ৰদৰপৰা উঠি আহিল ৭০ বছৰ পূৰ্বে ডুবি যোৱা গাওঁ

Curon village

Curon village

পানীৰ তলৰপৰা উঠি আহিছে ভগা-চিগা চিৰি, শেলুৱৈ ধৰা দেৱাল, আৰু বিভিন্ন নির্মাণৰ চিহ্ন। প্ৰকৃততে ৭০ বছৰ পিছত হ্রদৰ তলৰপৰা উঠি আহিল ডুব যোৱা এখন গাওঁ। সেই লৈ স্বাভাৱিকতেই হৈ-চৈ লাগি গৈছে ইটালীৰ টাইৰোলত।

Curon village

ৰেসচেন পাছৰ ২ কিমিৰ ভিতৰতে আছে লেক ৰেছিয়া। সেই হ্রদৰপৰা পানী উলিয়াই দিয়া হৈছিল পৰিষ্কাৰ কৰিবৰ বাবে। তেতিয়াই স্থানীয় ৰাইজৰ চকুত পৰে হ্রদৰ তলত ডুবি থকা গাওঁখন। জানিবলৈ পোৱা গৈছে, গাওঁখনৰ নাম কিউৰন।

Curon village

প্রায় এশ পৰিয়ালৰ বসবাস আছিল এই গাঁৱত। ১৯৫০ চনত এটা জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ সময়ত বানপানীত ডুব গৈছিল কিউৰন।

Curon village

এটা নদীবান্ধ নিৰ্মাণ কৰা হৈছিল সেই সময়ত। আৰু ওচৰাওচৰিকৈ অৱস্থিত দুটা হ্রদক একেলগ কৰি লগাই দিয়া হৈছিল। ইয়াৰ ফলত কিউৰন গাওঁখন পানীৰ তললৈ গৈছিল। 

Curon village

এই গাঁৱৰ বাসিন্দাসকল গাওঁ এৰি তেতিয়া বিভিন্ন ঠাইলৈ গুচি যায়। প্রায় ১৬০টা ঘৰ পানীৰ তললৈ গুচি যায়। তেতিয়াৰপৰা কিউৰন হ্রদৰ তলত সকলোৰে অগোচৰেই আছিল।

Curon village

বৰ্তমান হঠাৎ ৭০ বছৰ আগৰ সেই গাঁৱৰ সন্ধান পোৱা গ’ল। ফলত এই বিষয়টো লৈ স্থানীয় লোকসকলৰ মাজত নানান কথা-বতৰা চৰ্চা হোৱাৰ লগতে উদ্বিগ্নতা বাঢ়িছে। 

Curon village

Your Comments