চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থীসকলক টাই-আহোম ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি দক্ষিন নাৰায়ণপুৰ অঞ্চলৰ গোঁহাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয় ৷ কাৰ্যসূচী অনুসৰি টাই এভাৰগ্ৰীন টাই কালচাৰেল দলে আহোম জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা বিশেষ মুকলি সভাখন উদ্বোধন কৰে গোঁহাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ গগৈয়ে ৷
নাৰায়ণপুৰ আঞ্চলিক টাই-আহোম ছাত্র সন্থাৰ সভাপতি যুগল কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্থানীয় কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপেশ্বৰ গগৈয়ে ৷ টাই-আহোম ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক গৌৰৱ বৰা, উপ-সভাপতি ৰিতুমণি ফুকন, সহ: সম্পাদক চৌখাম চাৰিঙ্গীয়াই আঁত ধৰা সভাখনত লখিমপুৰ জিলা টাই-আহোম ছাত্র সন্থাৰ উপ সভাপতি আইনিকেন দুৱৰাই নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে-মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা বগীবিল দলঙৰ নামাকৰণৰ নামত চলি থকা ৰাজনীতি বন্ধ কৰাৰ আহ্বান জনোৱাৰ লগতে বগীবিল দলংখন ছাত্র সংগঠনটোৰ দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত "স্বৰ্গদেউ চুকাফা"ৰ নামেৰে নামকৰণ কৰিবলৈ চৰকাৰৰ ওছৰত সম্বৰ্ধনা মঞ্চৰ পৰা দাবী উথ্বাপন কৰে ৷
মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে সমাজ সেৱক ৰঞ্জিত বৰুৱা, নৱমিলন মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰেৱ গগৈ, গোহাঁই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰফুল্ল কোঁৱৰ, টিনটিয়া আঁহতগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক যোগেন গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানটোত শতাধীক কৃৰ্তী ছাত্ৰ-ছাত্রীক অভিনন্দন পত্র, ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷
- Log in to post comments
- 33 views