বৃহত্তৰ কলিয়াবৰ মহকুমাত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ অন্যতম জাতীয় সংগঠন কলিয়াবৰ ভানু সমিতিৰ অন্তৰ্গত মহিলা মঞ্চৰ আযোজনাত গোৰ্খা মহিলাসকলৰ পাৰম্পৰিক উৎসৱ তীজ বাৰে-বৰণীয়া কাৰ্যসূচীৰে পালন কৰা হয় । কলিয়াবৰ ভানু ভৱন প্ৰাংগন ঔগুৰিত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা তীজ মহোৎসৱৰ বন্তি প্ৰজ্বলনৰ যোগেদি শুভাৰম্ভণী কৰে মহিলা মঞ্চৰ সভানেত্ৰী আশা দেৱীয়ে ।
ৰোহিণী ভণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জনপ্ৰিয় অভিনেত্ৰী চয়নিকা কাশ্যপ মুখ্য অতিথি তথা কলিয়াবৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰাক্তন অনাতাঁৰ শিল্পী আৰতি নেৱাৰ, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কলিয়াবৰ শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি সংগীতা পূজাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ গৱেষক তথা NEIFACV (North East India Folklore And Cultural Vibes, Guwahati)ৰ সংস্থাপক সভাপতি শাশ্বতী বৰদলৈ আমন্ত্ৰিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা কিৰণ দেৱীয়ে নিজৰ ভাষণ প্ৰসংগত গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক তীজ উৎসৱৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি কিদৰে পৌৰাণিক কালত দেৱী পাৰ্ৱতীয়ে ভগৱান মহাদেৱক স্বামী হিচাপে পাবলৈ তীজৰ কঠোৰ ব্ৰত পালন কৰিছিল আৰু সেই পৰম্পৰা অনুসৰি কেনেকৈ গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ আদিতো এন উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয় সেই বিষয়ে সুন্দৰ বক্তব্য দাঙি ধৰে।
অনুষ্ঠানটিৰ আন এগৰাকী বক্তা উমা পৌড়েলে নিজৰ ভাষণ প্ৰসংগত গোৰ্খা সমাজত মহিলাসকলৰ স্থান অতি উচ্চ বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰি মহিলা সৱলীকৰণৰ ওপৰত এক সাৱলীল বক্তৃতা আগবঢ়ায় । অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ চুলুং, ৰহদলা, বাঘজান, কাৱৈমাৰি, ঔগুৰি, মিছামুখ আদি বিভিন্ন অঞ্চলৰ পৰা অংশগ্ৰহণ কৰা দলে তীজ নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটিক অন্য এক মাত্ৰা প্ৰদান কৰে ।
কলিয়াবৰ ভানু সমিতিৰ অন্তৰ্গত মহিলা মঞ্চৰ সম্পাদিকা চম্পা দেৱী আৰু সহ:সম্পাদিকা স্বৰস্বতী পৌড়েলে আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী দিগবীৰ কাৰ্কী, শিৱ উপাধ্যায়, নৰবাহাদুৰ কাৰ্কী, কৃষ্ণ মিশ্ৰ, শ্ৰীনাৰায়ণ উপাধ্যায়, ঠণ্ডী কাৰ্কী, মোহন উপাধ্যায়, ধীৰাজ নেৱাৰ, মদন উপাধ্যায় আদিকে প্ৰমূখ্যে কৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।
- Log in to post comments
- 37 views