নগাঁও-মৰিগাঁৱত জল পৰিবহণ আইন উলংঘাৰে বিপদ সংকুল যাত্ৰা

নগাঁও-মৰিগাঁৱত জল পৰিবহণ আইন উলংঘা

ব্ৰহ্মপুত্ৰ নদীত যোৱা বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাৰ পাছতো কাৰ্যতঃ গা লৰা নাই ৰাজ্যৰ জল পৰিবহণ বিভাগৰ । বিভাগটোৰ জ্ঞাতসাৰে চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘা কৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিপজ্জনকভাৱে চলাচল কৰি আছে শতাধিক সৰু-বৰ আওপুৰণি যন্ত্ৰচালিত নাও ।

এই আওপুৰণি যন্ত্ৰচালিত নাওসমূহত প্ৰতিদিনে শতাধিক লোকৰ  বিপদসংকুল যাত্ৰা অব্যাহত আছে । ফলত যিকোনো মুহূৰ্ততে বিপদ নামি অহাৰ আশংকা প্ৰকট হৈ পৰিছে ।

নগাঁও আৰু মৰিগাঁও  জিলাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনস্থ ফেৰীঘাটকেইটা হৈছে-মৈৰাবাৰী, লেৰুৱামুখ, ধিংঘাট আৰু বৰালীমাৰী । এই  ফেৰীঘাটকেইটাৰ ভিতৰৰ কেৱল বৰালীমাৰী ঘাটৰ পৰাহে বৰচলা, খাৰুপেটীয়া আৰু গুৱাহাটীলৈ কেইখনমান ফেৰীৰ চলাচল হয় ।

অৱশ্যে এই ফেৰীঘাটৰ পৰাও একাংশ যন্ত্ৰচালিত নাও জল পৰিবহণ বিভাগৰ অধীনত ফেৰীৰ সলনি চলাই থকা হৈছে । ইয়াৰ  অধিকাংশ নাও আওপুৰণি আৰু বহন ক্ষমতা নিচেই কম হোৱা সত্ত্বেও যাত্ৰীৰ লগতে সামগ্ৰী কঢ়িয়াই থকা হৈছে ।

একেদৰে  মৈৰাবাৰী আৰু লেৰুৱামুখ ঘাটৰ পৰা তেজপুৰ, শিঙৰি, বৰচলা, ঢেকীয়াজুলি, মঙলদৈ আদি স্থানলৈও যন্ত্ৰচালিত নাওসমূহ চলাচল কৰি আছে ।

স্মৰ্তব যে জল পৰিবহণ বিভাগৰ নিৰ্দেশ অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি যাত্ৰীক পাৰ কৰোৱাৰ ক্ষেত্ৰত সবল, বহনক্ষম তথা সকলো সা-সুবিধা থকা ফেৰীহে চলাচল কৰাব লাগে ।

কিন্তু  বিভাগীয় নীতি-নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই অধিকাংশ লেচীয়ে নগাঁও আৰু মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ বুকুত দুটা পাৱাৰ পাম্প স্থাপন কৰি স্থানীয়ভাৱে নিৰ্মিত যন্ত্ৰচালিত নাও চলাই যাত্ৰীৰ জীৱনৰ লগত খেলা  কৰি আহিছে ।

তদুপৰি, এই নাওসমূহ নিম্নমানৰ কাঠেৰে নিৰ্মিত হোৱা বাবে তেনেই দুৰ্বল আৰু বিশেষ ক্ষমতাবিহীন । নাওসমূহত  ১০০-১৫০ যাত্ৰীৰ লগতে গৰু-ম'হ-ছাগলীৰ উপৰি বিভিন্ন ধৰণৰ সামগ্ৰী বিপদসংকুলভাৱে চলাচল অব্যাহত ৰাখিছে ।

নগাঁও আৰু  মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ চৰ-চাপৰিত বসবাস কৰি থকা সহস্ৰাধিক চৰবাসীৰ যাতয়াতৰ একমাত্ৰ মাধ্যম এই নাওসমূহ ।  তদুপৰি, সৰু সৰু নাৱত ১০ অশ্বশক্তিযুক্ত পাৱাৰ পাম্প স্থাপন কৰি তাকেই পৰিবহণৰ মাধ্যমৰূপে ব্যৱহাৰ কৰি আহিছে ।

এই  আওপুৰণি যন্ত্ৰচালিত নাওসমূহত চৰবাসীয়ে শাক-পাচলি, গৰু-ম'হ-ছাগলীৰ লগতে খেৰ-খাগৰি-ঝাওগছ প্ৰতি মঙল আৰু শনিবাৰে  মৈৰাবাৰী বজাৰ তথা দেওবাৰ আৰু বৃহস্পতিবাৰে লাহৰীঘাট বজাৰলৈ সৰবৰাহ কৰি আহিছে ।

একেদৰে এনে নাৱেৰে ধিং বজাৰ, ভূৰাগাঁও বজাৰ, শিঙৰি বজাৰ, বৰচলা বজাৰ আদিলৈ চৰবাসীয়ে সা-সামগ্ৰী পৰিবহণ কৰি আছে যদিও জল পৰিবহণ বিভাগ, প্ৰশাসন আদিয়ে চকুমুদা কুলিৰ ভাও ধৰি আছে ।

Your Comments