বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিনটোত আজি গীতে-মাতে মুখৰিত হৈ পৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব ৷
সুধাকণ্ঠৰ ওপজা দিন উপলক্ষে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত তথা বঙাইগাঁও জিলা শিল্পী সমাজৰ সহযোগত ক্লাব প্ৰাংগণত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বালন কৰি শ্ৰদ্ধা নিবেদন কৰে প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায় আৰু জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে ৷
ইয়াৰ পিচতে অসম ৰত্নগৰাকীৰ জীৱন আৰু আদৰ্শৰ লগতে বিভিন্ন দিশ সামৰি সুজিৎ কুমাৰ ৰায়, দীপক দাস আৰু প্ৰেছ ক্লাবৰ উপদেষ্টা কুঞ্জমোহন ৰায়ে বক্তব্য ৰাখে ৷ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই আঁতধৰা অনুষ্ঠানত সুধাকণ্ঠৰ গীত-মাতো পৰিৱেশন কৰা হয় ৷
অনুষ্ঠানত বয়োজ্যেষ্ঠ শিল্পী অতুল চৰণ দাস, দীপক দাস, মনোৰঞ্জন বৰ্মন আৰু সাংবাদিক কুঞ্জমোহন ৰায় আদিয়ে গীত পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ৷ শেষত সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' সকলোৱে একেলগে পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে ৷
অনুষ্ঠানত প্ৰেছ ক্লাবৰ সদস্যসকলৰ লগতে শিল্পী সমাজৰ সদস্যসকল উপস্থিত থাকে ৷
- Log in to post comments
- 63 views