ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬সংখ্যক বাৰ্ষিক অধিবেশনখন নিজ বড়িগোগ কানিকুছি ছাত্ৰ সন্থাৰ উদ্যাগত কানিকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকাই । ছহিদ তৰ্পণ কৰে সাধাৰণ সম্পাদক নিউটন কলিতা আৰু নিজ বড়িগোগ ছাত্ৰ সন্থাৰ সাঃ সম্পাদক নয়নমণি আহমেদে ।
প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে । সভা উদ্বোধন কৰি দাসে কয় যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ সৰ্ববৃহৎ অৰাজনৈতিক ছাত্ৰ সংগঠন ।
সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সমস্যাসমূহৰ ওপৰত মাত মতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত হৈ থকা সমস্যাসমূহৰ ওপৰত অহৰহভাৱে মাত মাতি আহিছে । ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত অধিক গুৰুত্ব দিয়াৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ তেখেতে আহ্বান জনায় ।
প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ইতিহাস আৰু বৰ্তমান সময়ৰ কথা ব্যাখ্যা কৰে । ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে মানুহ হোৱাৰ বাবেও তেওঁ আহ্বান জনায় ।
সাংগঠনিক ক্ষেত্ৰত সকলোকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে ছাত্ৰকৰ্মীসকলক তেখেতে আহ্বান জনায় । ছাত্ৰকৰ্মীসকলক সততাৰে আগবাঢ়ি যোৱাৰ লগতে সংগঠনৰ সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰে কৰাৰ লগতে জাতীয় চিন্তাৰে দায়বদ্ধ হ'বলৈ কয় ।
সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাঃ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে ছাত্ৰকৰ্মীসকলক অধ্যয়নৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ কয় । ছাত্ৰকৰ্মীসকলক ভাল চিন্তা, ভাল কৰ্মৰ জৰিয়তে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ কোৱাৰ লগতে অধ্যয়ন আৰু সংগ্ৰাম একেলগে আগবঢ়াই নিবলৈ কয় ।
লগতে চৰকাৰক জাতীয় সমস্যাসমূহ সোনকালে সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনায় । লগতে এখন বিদেশীমুক্ত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰি অসমক সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ দাবী জনায় ।
লগতে তেখেতে কয় যে জাতি সুৰক্ষিত হ'লেহে ভাষা, সংস্কৃতি সকলো সুৰক্ষিত হ'ব ।
প্ৰতিনিধি সভাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, নিৰোদ কুমাৰ দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক ভৱজ্যোতি ডেকা, উপ-সভাপতি আদিল হাচান, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, হেমন্ত কলিতা, দিগন্ত কলিতাসহ ভালেসংখ্যক ছাত্ৰকৰ্মী উপস্থিত থাকে ।
বিয়লি অনুষ্ঠিত বিষয়বাছনি সভাত বুবুল আলী, নিউটন কলিতা, জিতু ডেকাক উপদেষ্টা, জয়ন্ত শৰ্মাক সভাপতি আৰু মৃন্ময় কুমাৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় ।
- Log in to post comments
- 165 views