আভ্যন্তৰীণ জল পৰিবহণ বিভাগে শনিবাৰে ৰহাৰ চাপৰমুখ-কচুৱাৰ কপিলী নদীৰ পাৰঘাটটো হঠাতে অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা এই পাৰঘাটোৱেই কাপিলী নদীৰ দক্ষিণপাৰৰ প্ৰায় ২০-২৫খন গাঁৱৰ বহিঃবিশ্বৰ লগত সংযোগ স্থাপন কৰে ৷
কিন্তু শনিবাৰে পাৰঘাটটো বন্ধ ৰখাৰ নিৰ্দেশ দিয়াত ছাত্ৰ-ছাত্ৰীকে ধৰি দক্ষিণপাৰৰ ৰাইজ উভতি যাবলৈ বাধ্য হয় আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰাত হাহাকাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা কপিলী নদীৰ এই পাৰঘাটটোত ফেৰী সেৱাৰ পৰিৱৰ্তে লেচীয়ে টুলুঙা নাৱেৰে যাতায়াত ৰক্ষা কৰিছে ৷
টুলুঙা নাৱত অত্যধিক লোক তথা বাহন উঠোৱাৰ অভিযোগ আছে ৷ এই লৈ শুকুৰবাৰে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতৰ ৷ কিন্তু শনিবাৰে অনিৰ্দিষ্টকাললৈ ঘাটটো বন্ধৰ নিৰ্দেশ দিয়াত স্তব্ধ হৈ পৰে কপিলীৰ দক্ষিণপাৰৰ জনজীৱন ৷
পুৱাৰে পৰা বন্ধ হৈ থকাৰ পিছত প্ৰায় ১১ বজাত স্থানীয় ৰাইজে আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰিতভাৱে পাৰঘাটটোত নাও চলাচল কৰাৰ সিদ্ধান্ত কৰাতহে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ৷
কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ এনেদৰে বন্ধৰ নিৰ্দেশ দিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷
- Log in to post comments
- 27 views