ৰঙিয়াত মাতৃ বন্দনা সজাগতা কাৰ্যসূচীত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াত মাতৃ বন্দনা সজাগতা কাৰ্যসূচীত মন্ত্ৰী ভৱেশ কলিতা

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত আজি ৰঙিয়াত কামৰূপ জিলা ভিত্তিত মাতৃ বন্দনা যোজনাৰ সপ্তাহজোৰা সজাগতা কাৰ্যসূচীৰ আজি অন্ত পৰে । এই উপলক্ষে আজি ৰঙিয়াত ৬টাকৈ শিশু উন্নয়ন প্ৰকল্পৰ প্ৰায় সহস্ৰাধিক অংগনৱাড়ী কৰ্মীক লৈ ৰঙিয়াৰ কৃষক ছহিদ ভৱনত এক সভা অনুষ্ঠিত হয় ।

ৰঙিয়াৰ শিশু উন্নয়ন বিষয়া মনজিত দাসৰ উদ্যোগত হোৱা সভাখনত সভাপতিত্ব কৰে জিলা সমাজ কল্যাণ বিষয়া পাৰবিন আহমেদে ।

ৰঙিয়াত মাতৃ বন্দনা সজাগতা কাৰ্যসূচীত মন্ত্ৰী ভৱেশ কলিতা

অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মাতৃ তথা গৰ্ভৱতী মহিলাৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথা কোৱাৰ লগতে মাতৃ বন্দনা আঁচনিৰ অধীনত এগৰাকী গৰ্ভৱতী মহিলাই গৰ্ভধাৰণ কৰাৰ পাছত অংগনৱাড়ী কেন্দ্ৰত নামটো পঞ্জীয়ন কৰাৰ পাছতে ১০০০ টকা পাব ।

ইয়াৰ পাছতে ৬ মাহ হ'লে পুনৰ ২০০০ টকা আৰু শেষত সন্তানটি জন্ম হোৱাৰ পাছত ২০০০ টকা অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ পৰা সৰ্বমুঠ ৫০০০ টকা এগৰাকী মহিলাই পাব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

মন্ত্ৰী ভৱেশ কলিতাই কয় যে ইয়াত যাতে কোনো ধৰণৰ দুৰ্নীতি হ'ব নোৱাৰে তাৰবাবে আমি এই ধনৰাশি পোনপটীয়াভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হোৱাৰ ব্যৱস্থা কৰিছোঁ ।

ৰঙিয়াত মাতৃ বন্দনা সজাগতা কাৰ্যসূচীত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়া, বিহদিয়া, বেজেৰা, হাজো, ৰামপুৰ, শুৱালকুছি, ছয়গাঁও, গৰৈমাৰী, বকো এই আটাইকেইটা শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া আজিৰ এই সভাত উপস্থিত থাকে । বিভা কলিতাই আঁতধৰা অনুষ্ঠানটোত ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়েও ভাষণ দিয়ে ।

সভা আৰম্ভণিৰ পূৰ্বে অংগনৱাড়ী কৰ্মীসকলে ৰঙিয়া চহৰত এক শোভাযাত্ৰা উলিয়ায় ।

Your Comments