পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক ছহিদ ভৱনৰ সন্মুখত ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে যুৱ কংগ্ৰেছে ।
পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰে সঘনাই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰাত সৰ্বসাধাৰণ জনতা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰখনে মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰাটো ৰহস্যজনক ।
সেয়েহে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই অসম প্ৰদেশ যুৱ কংগ্ৰেছে বিজেপি চৰকাৰ হায় হায়, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ চাহাবুদ্দিন আহমেদে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনসাধাৰণক পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনৰ দিনত প্ৰতি সপ্তাহে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা ঘটনাটোক তীব্ৰ গৰিহণা দিয়া বুলি কয় ৷
জনসাধাৰণৰ ওপৰত স্বেচ্ছাচাৰী শাসন নচলাবলৈও বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিয়ে যুৱ কংগ্ৰেছীজনে ৷ অন্যথা ইয়াতকৈও জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে ।
আনহাতে, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি ডিম্বেশ্বৰ বড়োৱে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা ঘটনাটোক গৰিহণা দিয়াৰ লগতে জনসাধাৰণক মিছা প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা চৰকাৰখনক শীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে আহ্বান জনায় ।
অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ববহন কৰে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সম্পাদক ফাৰুক আলী আহমেদ, ৰঙিয়া যুৱ কংগ্ৰেছৰ ইজাজুল হক, আচিফৰ ৰহমানসহ ভালেসংখ্যক যুৱ কংগ্ৰেছৰ নেতাই ।
- Log in to post comments
- 36 views