লক্ষ্য বিধানসভাৰ নির্বাচন:পেট্ৰ'ল-ডিজেল আৰু সুৰাৰ মূল্য হ্ৰাস ৰাজ্য চৰকাৰৰ

Pic

বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত জনতালৈ দৰদ ৰাজ্য চৰকাৰৰ।শুকুৰবাৰৰ ৰাতিৰে পৰা হ্ৰাস পাব পেট্ৰল-ডিজেলৰ লগতে সুৰাৰ মূল্য।বিধানসভাত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।

প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত  হ্ৰাস পাব ৫ টকাকৈ।ইয়াৰ উপৰিও ২৫% হ্ৰাস পাব সুৰাৰ মূল্য।

উল্লেখ যে ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেলৰ লগতে সুৰাত ক'ৰনাৰ বাবে ঘোষণা হোৱা লকডাউনৰ সময়ত অতিৰিক্তভাৱে আৰোপ কৰিছিল উপকৰ।উপকৰ আৰোপ কৰাৰ পিছৰ মাহকেইবাটাত ৰাজ্যৰ বজাৰত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯০টকা  অতিক্ৰম কৰাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৫ টকা পাৰ হৈছিল।

তাৎপৰ্যপূৰ্ণ যে জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ সোধাই আগন্তক নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেট্ৰ'ল-ডিজেলৰ লগতে সুৰাৰ মূল্য হ্ৰাস কৰা বুলি অভিযোগ উত্থাপন কৰিছে সচেতন জনতাই।

Your Comments