উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন নাকচ:পত্নী গীতাশ্ৰীয়ে কি ক'লে পঢ়ি জানি লওক

Pic

উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এটা বছৰৰো অধিক কাল কাৰাবন্দী হৈ থকা অখিল গগৈৰ জামিন বৃহস্পতিবাৰে পুনৰ নাকচ কৰাত সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পত্নী গীতাশ্ৰী তামুলীয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰাত পত্নী গীতাশ্ৰীয়ে নিজৰ ফেচবুকত লিখিছে এইদৰে- "বাটবোৰ এতিয়া বন্ধ হৈ আহিছে।বন্ধ কৰি দিয়া হৈছে।ভাৰতীয় গণতন্ত্ৰত ন্যায় বিচাৰি আমি যাব পৰা শেষ ঠাইকণ আছিল উচ্চতম ন্যায়ালয়।ন্যায়ালয়ে যদি কৈ দিয়ে তহঁতৰ কথা শুনাৰেই সময় নাই, শুনাৰ কোনো দৰকাৰ নাই,তেন্তে আমি ক'লৈ যাম!শক্তিমন্ত হাতে বন্ধ কৰি দিয়া দুৱাৰত মূৰ আফালি থাকিম?" ন্যায়ালয়ৰ পৰা বাৰে বাৰে বিফলতাৰ খবৰ লাভ কৰি অসহায় হৈ পৰা পত্নীগৰাকীয়ে লগতে উল্লেখ কৰিছে-"ৰাজসাক্ষী নামৰ এখন গোপন নাটক।তাৰ পাছত,এনে পৰিচয় গোপন কৰা সাক্ষী আৰু ভুল তথ্যৰ আধাৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন নাকচ।আৰু এতিয়া?"

"নাগৰিকৰ অধিকাৰ বোলা কথাটোৰ কি হ'ব?ক'লৈ যাব সাধাৰণ মানুহ?'হয়তো আজিৰ পৰা সকলো কথাকে নকৈ ভাবিব লাগিব!-গীতাশ্ৰীয়ে উল্লেখ কৰিছে এইদৰে। প্ৰতিক্ৰিয়াৰ শেষৰ ফালে তেওঁ কয়-"আপোনালোকৰ কুশল হওক, হে' শক্তিমন্ত অদৃশ্যসকল!যি জয়ী হয়, তেওঁৰেই জয়জয় হয়।বিধাতা পুৰুষৰ সুদৃষ্টিৰে আপোনালোক একোজন মহান অধিনায়ক!পূবৰ পৰা,পশ্চিমৰ পৰা,উত্তৰ-দক্ষিণ- সকলো দিশৰ পৰাই ভকতিৰ অজস্ৰ প্ৰণিপাত!"

উল্লেখ যে কা' আন্দোলন কৰি ২০১৯ৰ ডিচেম্বৰ মাহৰপৰা বন্দী হৈ আছে কৃষক নেতাগৰাকী।

Your Comments