আহোম সেনাৰ দুঘণ্টীয়া পথ অৱৰোধ

ahom_sena

বৰ্তমানৰ বিজেপি চৰকাৰে দেশৰ উন্নয়নৰ শ্ল'গান দিছে যদিও বাট-পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক। ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ আৰু বিধায়ক যোগেন মহনৰ গৃহ সমষ্টি দুটাৰ বাট-পথৰ দুৰৱস্থাই  বিকশিত অসমৰ স্বৰূপ উদঙাই দেখুৱাইছে ।  জিলাখনৰ সোণাৰিৰপৰা মৰাণ হৈ ডিব্ৰুগড়লৈ  যোৱা অতি সদাব্যস্ত পথছোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাৰ পাছতো পুননিৰ্মাণ অথবা মেৰামতি কৰিবলৈও আহৰি নাই গড়কাপ্তানি বিভাগৰ ।

এই পথছোৱাত বিভিন্ন ঠাইত দগাঁত সৃষ্টি হোৱাত  প্ৰতিবাদত নামি পৰিছে আহোম সেনা । আজি আহোম সেনা মাহমৰা আঞ্চলিক সমিতিয়ে উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত লোৱা দুই ঘণ্টীয়া  পথ অৱৰোধ কাৰ্যসূচীৰ ফলত সোণাৰি-মৰাণ, ডিব্ৰুগড় পথৰ যাতায়ত স্তব্ধ হৈ পৰে ।
 

Your Comments