বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোণোৱাল কেবিনেটৰ সিদ্ধান্তসমূহ,পঢ়ি লওক...

Pic

বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যিক কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সকলো স্তৰৰ ব্যক্তিক ৩০ ইউনিটলৈ বিদ্যুৎ বিল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৰাকত ৬টা বিভাগক লৈ স্থাপন কৰা হ'ব মিনি সচিবালয়।

গুৱাহাটী প্ৰেছ ক্লাবলৈ ভূমি আৱন্টন।

শংকৰদেৱৰ কলাক্ষেত্রৰ নতুন চৌহদ ডিব্ৰুগড়ত স্থাপন কৰা হ'ব।

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পদকপ্ৰাপ্ত খেলুৱৈক দিয়া হ'ব চৰকাৰী চাকৰি।দৌৰবিদ হিমা দাসক ডিএছপি পদত নিযুক্তিৰ সিদ্ধান্ত।

এছিয়ান গেমছ,কমনৱেলথ গেমছ,বিশ্ব চেম্পিয়নশ্বীপত সাফল্য লাভ কৰা প্ৰতিগৰাকী খেলুৱৈক দিয়া হ'ব চৰকাৰী চাকৰি।

উল্লেখ যে কেবিনেটৰ সিদ্ধান্তসমূহৰ কথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰে।

Your Comments