বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত যোৱা মঙলবাৰে বগাজুলী বনাঞ্চলৰ জাকৈ নৈত স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে গা লৰিল বন বিভাগৰ ।
অৱশেষত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে এখন ঠেঙত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালিটোক আজি মানাহ অভয়াৰণ্যলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
কুমাৰীকাটাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া বিৰেন্দ্ৰ নাথ বড়ো আৰু ভাৰত ডেকাই জানিবলৈ দিয়ে যে কাৰ্যালয়টোৰ এটা সজাতী দলে প্ৰায় আঠ ঘণ্টা ধৰি অহৰহ চেষ্টাৰ অন্তত হাতীৰ পোৱালিটো বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ আনিবলৈ সক্ষম হয় ।
প্ৰথমে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত পশু চিকিৎসকৰ দ্বাৰা হাতীৰ পোৱালিটোক প্ৰাথমিক চিকিৎসা কৰা হয় ।
পিছত উন্নত চিকিৎসাৰ বাবে মানাহ অভয়াৰণ্যলৈ যায় আৰু চিকিৎসা কৰি হাতীৰ পোৱালিটোক অভয়াৰণ্যখনত এৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 9 views