৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে গুৱাহাটীৰ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আযোজন কৰে অসমৰ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠান ৷
উক্ত অনুষ্ঠানত উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতী তথা আদৰ্শ শিক্ষক হিচাপে সম্বৰ্ধনা গ্ৰহণ কৰে লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপী সিংহই |
অসম চৰকাৰৰ তৰফৰ পৰা কৃতী আৰু আদৰ্শ শিক্ষক হিচাপে গোপী সিংহক দিয়া হয় সম্বৰ্ধনা-পত্ৰ, এখন শৰাই, গামোচা, বেজ আৰু ৫৫০০ টকাৰ মাননী | উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যকে ধৰি বহুকেইগৰাকী উচ্চ পদস্হ বিষয়া উপস্হিত আছিল |
উল্লেখ্য যে লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ১৯৮০ চনৰ পৰা ২০১১ চনলৈকে সহ:শিক্ষক আৰু ২০১১ চনৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ আছে গোপী সিংহ |
সম্বৰ্ধনা লাভ কৰি শিক্ষকগৰাকীয়ে আনন্দিত হোৱাৰ লগতে উৎসাহ লাভ কৰা বুলি আমাক জানিবলৈ দিয়ে ৷
- Log in to post comments
- 19 views