কা'ৰ বিৰুদ্ধে শুকুৰবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ছাত্ৰ সমাজৰ ৰণহুংকাৰ

Anti Caa

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ আন্দোলন।শুকুৰবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত বিয়লি ৩ বজাত ছাত্ৰ সমাজে কা'ৰ বিৰুদ্ধে গ্ৰহণ কৰিব ৰণহুংকাৰ কাৰ্যসূচী। উল্লেখ যে কা' আইন জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰকাশ কৰাৰ পিছতে পুনৰ ক্ষোভত জ্বলিছে ৰাজ্যৰ ছাত্ৰ সমাজ। গুৰুত্বপূৰ্ণ যে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা কা'ৰ বিৰুদ্ধে ছাত্ৰ সমাজে গুৱাহাটীত গঢ়ি তুলিছিল বিশাল প্ৰতিবাদী কাৰ্যসূচী। দীঘলীপুখুৰীৰ পাৰত ৰণহুংকাৰ কাৰ্যসূচীত সমগ্ৰ অসমৰ ছাত্ৰ সমাজে অংশগ্ৰহণ কৰিব।

Your Comments