 
*আছুক ধন্যবাদ,যোগ্য মানুহৰ দ্বাৰা গঠন হৈছে পৰামৰ্শদাতা সমিতি*
সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলক শুভেচ্ছা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।"'আছু'ৰ নেতৃত্বত গঠন হ'ব লগা ৰাজনৈতিক দলটোৰ প্ৰতি কৃষক মুক্তিৰ সমৰ্থন থাকিব নে নাই,সেয়া সময়ত নিৰ্ধাৰণ হ'ব।কিন্তু শুভেচ্ছা থাকিব নতুন ৰাজনৈতিক দলটো প্ৰতি"-এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক'-ডি শইকীয়াৰ।'কা' বিৰোধী সকলো শক্তি একেলগ হৈ বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লাগে বুলি তেওঁ কয়।
আনহাতে,আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰা 'অসম পৰামৰ্শদাতা সমিতি' সন্দৰ্ভত কৃষক নেতাগৰাকীয়ে কয়-"সমিতিখন যোগ্য মানুহক লৈ গঠন কৰা হৈছে।আশা কৰোঁঁ ভাল কাম কৰিব।"
ইফালে,কাৰবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে 'আছু' নেতৃত্বই কৰি অহা দাবীৰ বাবেও ধন্যবাদ জনায় শইকীয়াই।
অভিনেতা যতীন বৰাই সুবিধাবাদী ৰাজনীতি কৰা বুলি উল্লেখ কৰি তেওঁ কয়-"'কা' বিৰোধিতা কৰি ওলাই অহা যতীন বৰাই এতিয়া লাভলুটি মাৰিছে।সুবিধাবাদী ৰাজনীতিকৰ পৰা ৰাইজে আশা কৰিব লগা একো নাই।"
গুৱাহাটীৰ গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত এইদৰে কয় সভাপতিগৰাকীয়ে।
- Log in to post comments
- 295 views
 
     
 
 
 
 

 
 
 
 
 
 
 
 
 
