দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা শিল্পী জুবিন গাৰ্গৰ,দিছপুৰ থানাত এজাহাৰ দাখিল

Zubin Garg

*ষ্টুডি'অৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত ৰাতি ১২.৪০ বজাত সংঘটিত হয় উক্ত ঘটনা*

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা।যোৱা নিশা ৬ জনীয়া দুৰ্বৃত্তৰ দলে শিল্পী জুবিনক আক্ৰমণৰ লক্ষ্য কৰি লয়।

শিল্পীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।এজাহাৰখনত শিল্পীগৰাকীয়ে উল্লেখ কৰিছে এইদৰে- বৃৃহস্পতিবাৰে ৰাতি ১২.৪০ বজাত জু-ৰোড তিনিআলিৰ ৰেড এভি ষ্টুডিঅ'ৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত শিল্পীগৰাকীৰ বাহনখনক গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপৰ ব্লু-মুন ল'জৰ সমীপত আগভেটি ধৰে দুৰ্বৃত্তৰ এটা দলে।হাতত মদৰ বটল লৈ ৬ জনীয়া দুৰ্বৃত্তৰ দলে গাড়ীৰ পৰা নামি আহি শিল্পীগৰাকীক  অশ্লীল গালি-গালাজ কৰে।প্ৰথমে শিল্পীগৰাকীয়ে দুৰ্বৃত্তৰ দলটোক বুজাবলৈ চেষ্টা কৰিছিল যদিও উভতি শিল্পীগৰাকীলৈ চোঁঁচা লয়।ঘটনা অতি ভয়াৱহ হৈ পৰাত শিল্পীগৰাকীৰ লগত থকা দুই দেহৰক্ষীৰ তৎপৰতাত নিৰাপদে ৰক্ষা পৰে শিল্পীগৰাকী।

উল্লেখ যে দুৰ্বৃত্তৰ দলটোৱে মাৰুতি চিআইএ২ ব'গা ৰঙৰ এখন গাড়ী ব্যৱহাৰ কৰিছিল।গাড়ীখনৰ নম্বৰ হৈছে AS-01-BY 0675 ।

Zubin

গুৰুত্বপূৰ্ণ যে দিছপুৰ থানাত ঘটনাৰ পিছতে শিল্পী জুবিনে দাখিল কৰিছে এজাহাৰ।আৰক্ষীয়ে দুৰ্বৃত্তকেইজনক গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্তৰ অব্যাহত ৰাখিছে।আৰক্ষীৰ প্ৰাথমিক তদন্তত এজাহাৰত উল্লেখ কৰা বিশেষ বাহনখন চানমাৰিৰ ফালৰ বুলি জানিবলৈ দিছে।

Your Comments