বৃহস্পতিবাৰে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ উকীল সমাজৰ এঘন্টীয়া ধৰ্মঘট

Pic

উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউঞ্চিলৰ সিদ্ধান্ত মৰ্মে সদৌ অসম উকীল সন্থাৰ আহ্বানত বৃহস্পতিবাৰে ধৰ্মঘট কৰিব উকীল সমাজে।এঘণ্টাৰ বাবে সমগ্ৰ ৰাজ্যৰ আদালতৰ চৌহদত ক'ভিডৰ নিৰ্দেশনা পালন কৰি সাব্যস্ত কৰিব ধৰ্মঘট।এখন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিলে উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিলৰ অধ্যক্ষ এইচ আৰ এ চৌধুৰীয়ে।

গুৱাহাটীত সদৌ অসম উকীল সন্থাৰ কাৰ্যালয়ত বুধবাৰে সম্বোধন কৰা সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয়-"উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।"অসমৰ মুঠ ৫৩খন বাৰে বিভিন্ন জিলাত ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰে সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে।

তিনিদফীয়া দাবী লৈ সাব্যস্ত কৰিব ধর্মঘট কাৰ্যসূচী।তেওঁলোকৰ দাবীসমূহ হৈছে-

আদালতত নিয়মীয়া কাম-কাজ প্ৰৱৰ্তন কৰা।

আদালতৰ পূৰ্বৰ পৰম্পৰা অটুট ৰখা।

বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু পুথিভঁৰাল খুলি দিয়া।

Your Comments